বিশ্বৰ প্ৰথমখন উৰন্ত বাইক উদ্ভাৱন জাপানী কোম্পানীৰ,শীঘ্ৰে মুকলি বজাৰত

এই প্ৰদৰ্শনীৰ সময়ত এজন ব্যক্তিয়ে বাইকখন পথত চলোৱাৰ উপৰি উৰণ কৰে ৷
বিশ্বৰ প্ৰথমখন উৰন্ত বাইক উদ্ভাৱন জাপানী কোম্পানীৰ,শীঘ্ৰে মুকলি বজাৰত

অবিশ্বাস্য! এইবাৰ উৰন্ত বাইক আহিব বজাৰলৈ ৷ প্ৰাপ্ত তথ্য অনুসৰি এটা জাপানী কোম্পানীয়ে উদ্ভাৱন কৰিলে বিশ্বৰ প্ৰথমখন উৰন্ত বাইক ৷ এ এল আই টেকন'লজিছ নামৰ কোম্পানীটোৱে উদ্ভাৱন কৰা এই বাইকৰ মূল্য হ'ব ৫.১০ কোটি টকা ৷ বাইকখনৰ বুকিং ইতিমধ্যে মুকলি কৰা হৈছে ৷ কোম্পানীটোৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ডাইছুকে প্ৰকাশ কৰা মতে, বহু চেষ্টাৰ অন্তত এই বাইক উদ্ভাৱন কৰা হৈছে ৷ বাইকখনে ২০২৫ ৰ ভিতৰত বজাৰলৈ আহিব বুলি তেওঁ জনায় ৷

মঙলবাৰে জাপানৰ ফুজিত বাইকখন প্ৰদশৰ্ন কৰা হয় ৷ এই প্ৰদৰ্শনীৰ সময়ত এজন ব্যক্তিয়ে বাইকখন পথত চলোৱাৰ উপৰি উৰণ কৰে ৷ এ এল আই টেকন'লজিছে প্ৰকাশ কৰা অনুসৰি এই বাইকৰ উচ্চতা ১.৫ মিটাৰ ৷

আনহাতে, বাইকখনৰ দৈৰ্ঘ্য ৩.৭ মিটাৰ আৰু বেধ ১.৫ মিটাৰ ৷ কোম্পানীটোৱে প্ৰথম অৱস্থাত দুশখন এনে বাইক বজাৰলৈ মুকলিৰ সিদ্ধান্ত লৈছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com