ঈদ-উল-ফিটৰ উপলক্ষে মুখ্যমন্ত্ৰী সোণোৱালৰ শুভেচ্ছা

ৰমজানৰ অন্তিমত পালিত এই ঈদে সকলোৰে মাজত শান্তি-সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধ গঢ়ি তোলক
ঈদ-উল-ফিটৰ উপলক্ষে মুখ্যমন্ত্ৰী সোণোৱালৰ শুভেচ্ছা

ঈদ-উল-ফিটৰ উপলক্ষে মুখ্যমন্ত্ৰী সোণোৱালৰ শুভেচ্ছা

ঈদ-উল-ফিটৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কাইলৈ বিশ্বৰ বিভিন্ন স্থানৰ ইছলাম ধৰ্মাৱল্মী লোকসকলৰ লগতে অসমৰো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইদ যাপন কৰিব ৷ ইয়াৰ প্ৰাকক্ষণত ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ শুভেচ্ছা জনাই এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয়, " ঈদ উপলক্ষে সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ ৰমজানৰ অন্তিমত পালিত এই ঈদে সকলোৰে মাজত শান্তি-সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববোধ গঢ়ি তোলক ৷" মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষেও ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com