বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত নিৰ্বাচন আইন (সংশোধনী) বিধেয়ক গৃহীত

বিধেয়কখনৰ সমালোচনা কৰা বিৰোধী দলৰ সাংসদসকলৰ অভিযোগ হ'ল যে এই বিধেয়ক আইনত পৰিণত হ'লে অ-ভাৰতীয় নাগৰিকেও ভোট দিব পাৰিব।
বিৰোধীৰ প্ৰতিবাদৰ মাজতে লোকসভাত নিৰ্বাচন আইন (সংশোধনী) বিধেয়ক গৃহীত

বিৰোধী সাংসদৰ প্ৰতিবাদৰ মাজতে আজি লোকসভাত নিৰ্বাচন আইন (সংশোধনী) বিধেয়ক গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংযোগ কৰিব বিচৰা হৈছে। বিধেযকখনৰ সমালোচনা কৰা বিৰোধী দলৰ সাংসদসকলৰ অভিযোগ হ'ল যে এই বিধেয়ক আইনত পৰিণত হলে ভাৰতীয় নাগৰিক নোহোৱা লোকেও ভোট দিবলৈ সক্ষম হব। 

" আধাৰ কাৰ্ড হৈছে বাসিন্দাৰহে প্ৰমাণপত্ৰ। ই নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়। যদি ভোটদানৰ বাবে আদাৰ কাৰ্ঢ বিচৰা হয় তেন্তে সেয়া নাগৰিকত্বৰ প্ৰমাণপত্ৰত পৰিণত হব। সেয়ে এই বিধেয়কে অ-ভাৰতীয় নাগৰিকক ভোটাধিকাৰ দিয়াৰ সম্ভাৱনা আছে," এইদৰে কয় কংগ্ৰেছ সাংসদ শশী থাৰুৰে। থাৰুৰৰ সৈতে একে মন্তব্য কৰে আন এজন কংগ্ৰেছ নেতা মণীষ তিৱাৰীয়ে। একে মন্তব্য কৰে এ আই এম আই দলৰ নেতা তথা সাংসদ আছাদুদ্দিন ৱেইছীয়ে। ৱেইছীয়ে এই বিধেয়কক এটা ডাঙৰ ভুল পদক্ষেপ বুলি আখ্যা দিয়ে। পাছত তেওঁ সাংবাদিকৰ আগত কয়, " ইয়ে গণতন্ত্ৰ আৰু নাগৰিকৰ অধিকাৰ দুৰ্বল কৰিব।  আধাৰ কাৰ্ডৰ ক্ষেত্ৰত প্ৰায় ৮ শতাংশ আঁসোৱাহ ধৰা পৰিছে। যদি বিধেয়ক গৃহীত হয় তেন্তে দেশৰ এক বৃহত সংখ্যক লোক ভোটাধিকাৰৰ পৰা বঞ্চিত হব। 

অৱশ্যে চৰকাৰী পক্ষই বিৰোধীয়ে উত্থাপন কৰা অভিযোগ ভিত্তীহীন আখ্যা দিয়ে। আজি বিৰোধী সাংসদসকলে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় কুমাৰ টেনীক অপসাৰণৰ দাবীও উত্থাপন কৰে। টেনীৰ পুত্ৰ আশিস মিশ্ৰ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হৈছে।  বিৰোধী সাংসদসকলৰ এই দাবীক লৈ সংসদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com