বিজেপিৰ পৰা গামোচা লোৱাৰ পাছত কংগ্ৰেছ হৈ থাকিব নোৱাৰেঃ শইকীয়া

আজি বিধায়ক দাসে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাত কৰা কাৰ্যই ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি কৰে।
বিজেপিৰ পৰা গামোচা লোৱাৰ পাছত কংগ্ৰেছ হৈ থাকিব নোৱাৰেঃ শইকীয়া
Published on: 

ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত শইকীয়াক কঠোৰ সমালোচনা কৰিছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াই ৷ বিধায়ক দাসে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে ৷ তাৰ পাছতে তেওঁ মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠে। ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা শইকীয়াই সাংবাদিকৰ আগত কয়,." বিজেপিৰ পৰা গামোচাৰ সম্বৰ্ধনা লোৱাৰ পাছত এজন ব্যক্তি কংগ্ৰেছত থাকিব পাৰে বুলি মই নাভাবো।,"

অৱশ্যে বিধায়ক দাসে বিজেপিত যোগদানৰ কথা অস্বীকাৰ কৰিছে। এই সম্পৰ্কীয় প্ৰচাৰৰ সত্যতা তেওঁ খণ্ডন কৰিছে। দাসে দাবী কৰে যে তেওঁ ঘৰৰ পৰা গামোচা আনিছিল। মুখ্যমন্ত্ৰীৰ সৈতে সেই গামোচা সাল-সলনিহে কৰে। আজি বিধায়ক দাসে মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাত কৰা কাৰ্যই ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি কৰে। 

উল্লেখ্য যে বিগত সময়ত বহুসংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে। এইসকলৰে অন্যতম হৈছে মৰিযনিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাৰ বিধায়ক সুশান্ত বৰগোঁহাই। দুয়োৱে বিজেপি প্ৰাৰ্থীৰূপে উপ-নিৰ্বাচনত জয়লাভ কৰিবলৈও সক্ষম হয়। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com