Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী

এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2021 10:59 AM GMT

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়েঃ

দেশৰ একেবাৰে পূব প্ৰান্তৰত অৱস্থিত বিশ্ববিদ্যালয় হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আইন, ১৯৬৫ৰ অধীনত ১৯৬৫ত এই বিশ্ববিদ্য়ালয় স্থাপন কৰা হয়। এই বিশ্ববিদ্যালয়ত সীমিত আৱাসিক সুবিধা আছে। অসমৰ সাতখন জিলাক এই বিশ্ববিদ্যালয়ে সামৰি লয়। এই জিলাকেইখন হৈছে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট আৰু ধেমাজি। এই বিশ্ববিদ্যালয়ে ৫০০ৰো অধিক একৰ ভূমি আগুৰি আছে। এই ভূমিৰ ৬০ একৰত এতিয়াও চাহ বাগিচা আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে এচোচিয়েচন অৱ ইউনিৰ্ভাচিটীজ ( এ আই ইউ)- আৰু এছোচিয়েচন অৱ কমনৱেলথ ইউনিৰ্ভাচিটীজৰ সদস্য।


ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিযুক্তি ২০২২ঃ

ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ



এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

সহকাৰী অধ্যাপক।

খালী পদ

১টা।

আবেদনৰ শেষ তাৰিখ

২৯ ডিচেম্বৰ, ২০২১।


দৰমহা

মাহিলী ২৫ হেজাৰ টকা।

চাকৰিৰ স্থান

ডিব্ৰুগড়, অসম।

বাচনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ।

ৱেবছাইট

dibru.ac.in


শিক্ষাগত অর্হতা :

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫৫ শতাংশ নম্বৰসহ ভূগোলৰ এম এ বা এম এছ চি হব লাগিব। তদুপৰি সংশ্লিষ্ট স্পেচিয়েলাইজেচনত গৱেষমাৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন প্ৰক্ৰিয়া :

অফিচিয়েল ৱেবছাইট dibru.ac.in চাব আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। অফিচিয়েল ৱেবছাইট বা অধিসূচনা লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰক। আবেদন পত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন পত্ৰৰ সৈতে আবেদনৰ মাচুল (দিহ লগা হলে) জমা দিব। অহা ২৯ ডিচেম্বৰৰ ভিতৰত আবেদন পত্ৰ জমা দিব।


আৰু চাব পাৰে : কৰ্মচাৰী বীমা নিগম, কলকাতাত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী

Next Story
চাকৰি