Begin typing your search above and press return to search.

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম, কলকাতাত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী

এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম, কলকাতাত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2021 12:03 PM GMT

কৰ্মচাৰী ৰাজ্যিক বীমা নিগম, কলকাতাৰ বিষয়েঃ

স্বাধীন ভাৰতত কৰ্মী শ্ৰেণীক সামাজিক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে গ্ৰহণ কৰা প্ৰথমটো চৰকাৰী পদক্ষেপ হৈছে সংসদে প্ৰণয়ন কৰা কৰ্মচাৰী ৰাজ্যিক বীমা আইন, ১৯৪৮। এই ব্যৱস্থা কৰাৰ সময়ত ভাৰতত উদ্যোগ-প্ৰতিষ্ঠানসমূহ চালুকীয়া অৱস্থাতে আছিল আৰু ভাৰত দ্ৰুত উন্নয়নশীল দেশৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল আছিল। তেতিয়া উদ্যোগ-প্ৰতিষ্ঠানত নিয়োগ বুলি কলে কেৱল মৰাপাট. বস্ত্ৰ আৰু ৰাসায়নিক উদ্যোগহে আছিল। উক্ত আইনৰ জৰিয়তে ভাৰতত কৰ্ম-বলক সামাজিক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হয়। ই হৈছে এই কৰ্ম-বলক সামাজিক সুৰক্ষা প্ৰদান কৰা আইনী ব্যৱস্থা।

ই এছ আই আইন, ১৯৪৮-এ ৰোগ-ব্যাধি, মাতৃত্বকালীন সময়, স্থায়ী আৰু অস্থায়ী অংগ বিকল আদিৰ ক্ষেত্ৰত কৰ্মচাৰীসকলক চিকিত্সা লাভত সহায় কৰে। এই আইনত থকা সামাজিক সুৰক্ষা বিধিয়ে এনে পৰিস্থিতিত কৰ্মচাৰীসকলক সহায় কৰে।


কৰ্মচাৰী বীমা নিগম, কলকাতাত পদখালীঃ



কৰ্মচাৰী বীমা নিগম কলকাতাই জ্যেষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে এই বিষয়ে তলত সবিশেষ তথ্য চাব পাৰেঃ



এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জ্যেষ্ঠ আৱাসিক চিকিত্সক।

পদ

১ টা।

বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ, নথিপত্ৰ পৰীক্ষণ।


দৰমহা

মাহিলী ৬৭, ৭০০টকা।

চাকৰিৰ স্থান

কলকাতা।

সাক্ষাতকাৰৰ তাৰিখ

২৪ ডিচেম্বৰ, ২০২১।

ৱেবছাইট

esic.nic.in


শিক্ষাগত অর্হতা :

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্য়ালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী, ডি এন বি, এম ডি / এম এছ হব লাগিব।

আবেদন প্ৰক্ৰিয়া :

অফিচিয়েল ৱেবছাইট esic.nic.in চাব আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। অফিচিয়েল ৱেবছাইট বা অধিসূচনা লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰক। আবেদন পত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আবেদন পত্ৰ অহা ২৪ ডিচেম্বৰৰ ভিতৰত পোৱাকৈ mdeanpgi-joka.wb@esic.nic.in লৈ প্ৰেৰণ কৰিব পাৰে।


আৰু চাব পাৰে : জৱাহৰলাল নেহৰু স্নাতকোত্তৰ প্ৰতিষ্ঠানত পদ খালী

Next Story
চাকৰি