Begin typing your search above and press return to search.

জৱাহৰলাল নেহৰু স্নাতকোত্তৰ প্ৰতিষ্ঠানত পদ খালী

এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।

জৱাহৰলাল নেহৰু স্নাতকোত্তৰ প্ৰতিষ্ঠানত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2021 11:38 AM GMT

জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চঃ

১৮২৩ত ফৰাচী চৰকাৰে পুডুচেৰীত এই প্ৰতিষ্ঠান স্থাপন কৰে। ১৯৬৪ত এই প্ৰতিষ্ঠান ন-ৰূপত মুকলি কৰা হয়। ভাৰত চৰকাৰৰ স্বাস্থ্য় আৰু পৰিয়াল কল্যাণ বিভাগে ২০০৮-ত এই প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় গুৰুত্ৰ প্ৰতিষ্ঠানৰূপে স্বীকৃতি দিয়ে। স্বাস্থ্যখণ্ডত শিক্ষা. গৱেষণা আৰু ৰোগীক চিকিত্সাৰ বাবে এই প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে। এই প্ৰতিষ্ঠানে ১৯২ একৰো অধিক ভূমি আগুৰি আছে। এই প্ৰতিষ্ঠানত প্ৰশাসনিক ব্লক, এটা শৈক্ষিক কেন্দ্ৰ, এখন নাৰ্ছিং কলেজ, সাতটা হাস্পতাল ব্লক, সাতটা আনুসংগিক সেৱা ব্লক আৰু চাৰিটা আৱাসিক কমপ্লেক্স আছে। এই প্ৰতিষ্ঠানত ১২ ধৰণৰ মেডিকেল, নাৰ্ছিং আৰু সংলগ্ন খণ্ডৰ স্বাস্থ্য় বিজ্ঞানৰ ছুপাৰ স্পেচিয়েলিটী প্ৰশিক্ষণ প্ৰদান কৰা হয়।


জৱাহৰলাল নেহৰু ইনষ্টিটিউট অৱ পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ(JIPMER)-এ কনিষ্ঠ আৱাসিক চিকিত্সক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য উল্লেখ কৰা হৈছেঃ



এই পদৰ অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে।


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কনিষ্ঠ আৱাসিক চিকিত্সক।

পদ

২ টা।

ৱেবছাইট

jipmer.edu.in


দৰমহা

মাহিলী ৮৫ হেজাৰ টকা।

চাকৰিৰ স্থান

পুডুচেৰী।

অন্তিম তাৰিখ

৪ জানুৱাৰী, ২০২২।

লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰৰ তাৰিখ

৬ জানুৱাৰী, ২০২২।

শিক্ষাগত অর্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত বি ডি এছ হব লাগিব।


আবেদন প্ৰক্ৰিয়া :

অফিচিয়েল ৱেবছাইট @ jipmer.edu.inচাওক আৰু আপুনি আবেদন কৰিব লগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক। অফিচিয়েল ৱেবছাইট বা অধিসূচনা লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰক। আবেদন পত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।



আৰু চাব পাৰে : FCSCA অসম নিযুক্তি ২০২১ - সভাপতি, সদস্যৰ পদ খালী


Next Story
চাকৰি