এডিলেইট টেষ্টৰ দ্বিতীয় দিনৰ খেলৰ অন্তত অষ্ট্ৰেলিয়াৰ ৭ উইকেটত ১৯১ ৰাণ সংগ্ৰহ

এডিলেইট টেষ্টৰ দ্বিতীয় দিনৰ খেলৰ অন্তত অষ্ট্ৰেলিয়াৰ ৭ উইকেটত ১৯১ ৰাণ সংগ্ৰহ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অষ্ট্ৰেলিয়াৰ এডিলেইটত চলি থকা টেষ্ট শৃখলাৰ প্ৰথমখন খেলৰ দ্বিতীয় দিনৰ সামৰণি পৰালৈকে ভাৰতৰ প্ৰথম ইনিংছৰ ২৫০ ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৭ টা উইকেট হেৰুৱাই ১৯১ ৰাণ সংগ্ৰহ কৰে। আজি ৰাতিপুৱা ভাৰতে কালিৰ ৯ উইকেটত ২৫০ ৰাণৰ পৰা খেলিবলৈ আৰম্ভ কৰি কোনো ৰাণ সংগ্ৰহ নকৰাকৈ মহম্মদ চামীৰ উইকেট হেৰুৱাই ২৫০ ৰাণতে নিজৰ প্ৰথম ইনিংছ সামৰে। অষ্ট্ৰেলিয়াই নিজৰ ইনিংছ আৰম্ভ কৰি অপেনাৰ এৰোম ফিন্স(0)ৰ উইকেট হেৰুৱাই। ইশান্ত শৰ্মাই এক দুৰ্দান্ত ব'লেৰে ফিন্সক বিদায় দিয়ে। ইয়াৰ পিছত ভাৰতীয় দলৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত ক্ৰমাগত ভাবে অষ্ট্ৰেলিয়াৰ উইকেটৰ পতন ঘটে। ব্যৰ্থ হয় শ্বন মাৰ্চ(২)। মাৰ্কচ হেৰিছ(২৬) আৰু উচমান খৱাজা(২৮)ই কিছু প্ৰতিৰোধ গঢ়াৰ চেষ্টা কৰিছিল। অষ্ট্ৰেলিয়াৰ হৈ বেটিঙত একমাত্ৰ উজলি উঠে ট্ৰেভিছ হেডে। দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰালৈ ৬১ ৰাণ কৰি খেলি আছে হেডে। ভাৰতৰ হৈ আশ্বিনে ৩টা, ইশান্ত শৰ্মা আৰু বুমৰাহে ২ টাকৈ উইকেট দখল কৰে। তিনিটা দিন বাকী থকালৈ লক্ষ্য কৰি খেল খন আকৰ্ষনীয় হৈ উঠিব বুলি খেলপ্ৰেমী সকলে অপেক্ষা কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com