সত্তৰ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট দলে ৰচিলে ইতিহাস

সত্তৰ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট দলে ৰচিলে ইতিহাস

সত্তৰ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট দলে অধিনায়ক বিৰাট কোহলীৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথম বাৰৰ বাবে টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা চাৰিখন টেষ্ট মেচৰ শৃংখলাটোৰ অন্তিমখন খেল আজি ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত বেয়া বতৰ আৰু বেয়া পোহৰৰ বাবে ড্ৰৰূপে ঘোষণা কৰাৰ পিছতে ভাৰতীয় দলটোৱে ২-১ ব্যাৱধানত টেষ্ট শৃংখলাটো দখল কৰি ইতিহাস ৰছনা কৰিবলৈ সক্ষম হয়। ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত প্ৰথমে বেটিঙ কৰি ভাৰতীয় দলৰ দুই তাৰকা অভিজ্ঞ আৰু যুৱ বেটছমেন চেতেশ্বৰ পূজাৰা আৰু ঋষভ পণ্টৰ দৰ্শীয় বিশাল শতৰাণ আৰু নৱাগত অপেনাৰ মায়ংক আগৰৱাল আৰু অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাৰ বিস্ফোৰক অৰ্ধশতৰাণৰ সহায়ত বিশাল ৬২২ ৰাণ কৰাৰ লগে লগেই প্ৰায় ভাৰতীয় দলৰ ৭০ বছৰীয়া স্বপ্ন পুৰণ হোৱাৰ দিশে আগবাঢ়িছিল।

ভাৰতীয় দলৰ বেটিং পৰাক্ৰমৰ পিছতে অষ্ট্ৰেলিয়াৰ বেটিং বিভাগক সলঠেকত পেলাই ভাৰতীয় বলিং বিভাগে।দুই বেগী বলাৰ জাচপ্ৰীত বুমৰাহ, মহম্মদ শ্বামী আৰু দুই স্পীনাৰ কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজাৰ সুন্দৰ বলিঙে অষ্ট্ৰেলিয়াক ৩০০ ৰাণত ইনিংছ সামৰিব বাধ্য কৰাইছিল। অষ্ট্ৰেলিয়াৰ মাটিত প্ৰথমখন টেষ্টখেলত অংশ লোৱা কুলদীপ যাদৱে ৫ টা উইকেট দখল কৰিছিল। নিজৰ মাটিতে ঘৰুৱা দল অষ্ট্ৰেলিয়াক ফল'অন কৰিবলৈ বাধ্য কৰোৱা অষ্ট্ৰেলিয়াক চতুৰ্থখন টেষ্টত পৰাজয়ৰ পৰা হাত সৰাৰ পৰা ৰক্ষা কৰে বেয়া বতৰে, নহলে ফলাফল হয়তো হলহেতেন ৩-১। ভাৰতৰ এয়া অষ্ট্ৰেলিয়াৰ মাটিত দ্বাদশ টেষ্ট শৃংখলা। ইয়াৰ পূৰ্বে খেলা টেষ্ট শৃংখলাৰ ভাৰতে ৮ টা শৃংখলাত পৰাস্ত হৈছিল আৰু ৩ টা শৃংখলা ড্ৰ ৰূপে সামৰণি পৰিছিল। ভাৰতৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ চেতেশ্বৰ পূজাৰাই চলিত শৃংখলাটোত তিনিটা শতৰাণ অৰ্জন কৰি দলৰ ঐতিহাসিক বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, পূজাৰাৰ উপৰিও বুমৰাহে চাৰিখন টেষ্টত ২০ টা উইকেট দখল কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

ভাৰতীয় অধিনায়ক বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ মাটিত টেষ্ট শৃংখলা জয় কৰাটো তেওঁৰ খেলুৱৈ জীৱনৰ সকলোতকৈ ডাঙৰ প্ৰাপ্তি হিচাপে উল্লেখ কৰে। ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতীয় দলৰ এই ঐতিহাসিক বিজয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ভাৰতীয় দলৰ এই বিজয়ক ১৯৮৩ চনত বিশ্বকাপ দখল কৰাতকৈও ডাঙৰ বুলি উল্লেখ কৰে। ভাৰতে প্ৰথম টেষ্টত জয়লাভ কৰাৰ বিপৰীতে দ্বিতীয়খন টেষ্টত পৰাজয়ৰ সন্মুখিন হৈছিল, তৃতীয় টেষ্টত ভাৰতে পুনৰ অষ্ট্ৰেলিয়াক পৰাভূত কৰি শৃংখলাত ২-১ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল। চলিত টেষ্ট শৃংখলাটোত ভাৰতৰ বাবে ডাঙৰ আবিস্কাৰ হৈছে অপেনিঙ বেটছমেন মায়াংক আগৰৱাল আৰু ঋষভ পণ্ট।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com