১৯ বছৰ অনুৰ্ধ কোঁচ বিহাৰ ট্ৰফীত জম্মু আৰু কাশ্মীৰক পৰাস্ত কৰিলে অসমে

১৯ বছৰ অনুৰ্ধ কোঁচ বিহাৰ ট্ৰফীত জম্মু আৰু কাশ্মীৰক পৰাস্ত কৰিলে অসমে
Published on

গুৱাহাটীৰ অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ কোচবিহাৰ ট্ৰফীৰ এখন খেলত অসমে জম্মু আৰু কাশ্মীৰক পাচ উইকেটত পৰাস্ত কৰে। জম্মু আৰু কাশ্মীৰে দ্বিতীয় ইনিংছত বেট ধৰি ১৭১ ৰাণ সংগ্ৰহ কৰে। অসমৰ হৈ অম্লান জ্যোতি দাসে সুন্দৰ বলিং প্ৰদৰ্শনেৰে ছয়টা উইকেট দখল কৰি জম্মু আৰু কাশ্মীৰৰ ইনিংছ ১৭১ ৰাণত সীমাবদ্ধ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।প্ৰতুত্তৰত অসমে পাচটা উইকেট হেৰুৱাই প্ৰয়োজনীয় ৰাণখিনি সংগ্ৰহ কৰি লয়। অসমৰ হৈ বেটিঙত অমান ছেত্ৰীয়ে সৰ্বাধিক অপৰাজিত ৬৪ ৰাণৰ বৰঙণি যোগায়। উল্লেখ্য যে জম্মু আৰু কাশ্মীৰে প্ৰথম ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই ১৯৬ ৰাণ সংগ্ৰহ কৰিছিল আৰু অসমে প্ৰথম ইনিংছত আটাইকেইটা উইকেটা হেৰুৱাই ২৫৫ ৰাণ সংগ্ৰহ কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com