Begin typing your search above and press return to search.

গোচৰ ৰুজু কৰা হ'ল প্ৰাক্তন অসম ক্ৰিকেট সন্থাৰ সভাপতি প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে

অসম ক্ৰিকেট সন্থাৰ পুঁজিৰ কোটি টকা সৰবৰাহ কৰাৰ ৰোষত সন্থাই গোচৰ ৰুজু কৰিছে প্ৰাক্তন সভাপতি প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে

গোচৰ ৰুজু কৰা হল প্ৰাক্তন অসম ক্ৰিকেট সন্থাৰ সভাপতি প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2021 9:47 AM GMT

অসম ক্ৰিকেট সন্থাৰ (ACA) পুঁজিৰ কোটি টকা সৰবৰাহ কৰাৰ ৰোষত অসম ক্ৰিকেট সন্থাই গোচৰ ৰুজু কৰিছে সন্থাৰ প্ৰাক্তন সভাপতি প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে।

ফটাশিল আমবাৰী আৰক্ষী থানাত আৰোপী প্ৰদীপ বুঢ়াগোঁহাইৰ বিৰূদ্ধে ৮১৭/২০২১ৰ অধীনত খণ্ড ১২০(বি)/৪০৬/৪০৯/৪২০/৪৬৯/৩৪ ভাৰতীয় দণ্ডবিধিৰ ভিত্তিত তৰা হৈছে এক গুৰুতৰ অভিযোগ। আৰক্ষী সূত্ৰৰ মতে বৰ্তমান সময়ত এই ঘটনাৰ তদন্ত চলি আছে আৰু আৰক্ষী তথ্যৰ ৰূপত প্ৰমাণ সংগ্ৰহৰ অভিযানত নামি পৰিছে।

প্ৰাক্তন ACA কমিটীৰ তত্বাৱধানত থকা একাউণ্টৰ পৰা প্ৰাক্তন সভাপতি প্ৰদীপ বুঢ়াগোহাঁইয়ে ধন সৰবৰাহ কৰাৰ অভিযোগ প্ৰমাণ কৰিবৰ হেতু ACA য়ে প্ৰাক্তন খেল সংগঠক জামচেড খানৰ অধীনত গঠন কৰে ০৫গৰাকী সদস্য জোৰা এখন কমিটিৰ। উল্লেখযোগ্য ভাৱে, প্ৰাক্তন কমিটি খনত সভাপতিৰ পদত কৰ্মৰত আছিল প্ৰদীপ বুঢ়াগোহাঁই। একাউণ্ট প্ৰমানীকৰণৰ বাবে গঠন কৰা কমিটীয়ে বুঢ়াগোহাঁইয়ে এই টকা হোটেল ৰূম বুক কৰা, বিমান টিকেট, ক্ৰিকেট অনুষ্ঠানৰ সময়ত খাদ্যৰ যোগান ধৰা আদিৰ নামত ACA পুঁজিৰ পৰা বহু কোটি টকাৰ সৰবৰাহ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে।

একাউণ্ট প্ৰমানীকৰণ কমিটীৰ দ্বাৰা জমা কৰা প্ৰমাণ সমূহৰ ওপৰত ভিত্তি কৰি, অসম ক্ৰিকেট সন্থাই যোৱা বছৰ বুঢ়াগোহাঁইৰ পৰা ইয়াৰ বিষয়ে ব্যাখ্যা কৰিবৰ হেতু এপেক্স কাউন্সিলৰ সন্মুখত প্ৰস্তুত হ'বলৈ আদেশ জাৰী কৰিছিল।

এই আদেশ অনুসৰি প্ৰাক্তন সভাপতি গৰাকী উপস্থিত হৈছিল এপেক্স কাউন্সিলৰ সন্মুখত আৰু এই বৃহত্তম মাত্ৰাৰ পুঁজিৰ ব্যয়ৰ বিষয়ে জনাইছিল নিজৰ মন্তব্য। কিন্তু তেওঁৰ এই মন্তব্যত পতিয়ন নাযায় এপেক্স কাউন্সিল আৰু পুঁজি সমূহ অনতি পলমে ঘূৰাই দিবৰ বাবে আদেশ দিয়ে বুঢ়াগোহাঁইক। অৱশ্যে, তথ্য অনুসৰি ACA ৰ এই দিহা সম্পূৰ্ণ কৰাত সফল নহয় বুঢ়াগোহাঁই।


আৰু পঢ়ক : প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীৰ ডিঙি কাটি হত্যা এজন যুৱকৰ


Next Story
চাকৰি