Begin typing your search above and press return to search.

প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীৰ ডিঙি কাটি হত্যা এজন যুৱকৰ

বহু দিনৰে পৰা যুৱতী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱক জনে, কিন্তু এই প্ৰস্তাৱত সন্মত হোৱা নাছিল যুৱতী গৰাকী

প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই যুৱতীৰ ডিঙি কাটি হত্যা এজন যুৱকৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2021 8:22 AM GMT

যোৱা বুধবাৰে, গুৱাহাটী জিলাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। প্ৰেমৰ প্ৰস্তাৱত অমান্তি প্ৰকাশ কৰাৰ বাবে ডিঙিত আঘাট কৰি এগৰাকী যুৱতীৰ হত্যা কৰিলে এজন উদণ্ড যুৱকে।

খবৰ অনুসৰি, বহু দিনৰে পৰা মৃতক যুৱতী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল যুৱক জনে, কিন্তু এই প্ৰস্তাৱত কোনো দিনে সন্মত হোৱা নাছিল যুৱতী গৰাকী।

এই ভয়ংকৰ ঘটনাৰ আৰোপী গৰাকীৰ নাম সঞ্জয় লালুং। তেওঁ যোৰবাটৰ, আমচিঙৰ, শান্তি বষ্টিৰ নিবাসী, আৰু অন্য হাতে মৃতক যুৱতী গৰাকীক মৰমী তাঁতী নামেৰে চিনাক্ত কৰা হৈছে।

তথ্য অনুসৰি, মাতৃৰ সন্মুখতে মৰমী তাঁতী নামৰ যুৱতী গৰাকীৰ হত্যা কৰে সঞ্জয় লালুং নামৰ যুৱক গৰাকীয়ে। এই ঘটনা সংঘটিত কৰাৰ পাছতেই সেই ঠাইৰ পৰা উধাও হোৱা যুৱক জন, বৰ্তমান সময় লৈকে নিৰুদ্দেশ অৱস্থাত।

অৱশ্যে, বৰ্তমান সময়ত আৰক্ষী বাহিনী নামি পৰিছে আৰোপী সঞ্জয় লালুংৰ সন্ধান অভিযানত।


আৰু পঢ়ক : কন্যাসকলৰ বিবাহৰ বাবে নিম্নতম বয়স ১৮ ৰ পৰা ২১: প্ৰস্তাৱটোৰ অনুমোদন জনালে কেবিনেটে


Next Story
চাকৰি