জে কে বৰুৱা ক্ৰিকেটত শিৱসাগৰৰ বাবে বিশাল জয়

নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত জে কে বৰুৱা ক্ৰিকেটত মাজুলীৰ বিৰুদ্ধে এক ইনিংছ আৰু ২৩৩ ৰানত বিশাল জয় পঞ্জীয়ন কৰে শিৱসাগৰে
জে কে বৰুৱা ক্ৰিকেটত শিৱসাগৰৰ বাবে বিশাল জয়
Published on

গুৱাহাটীঃ আজি নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত জে কে বৰুৱা ক্ৰিকেটত মাজুলীৰ বিৰুদ্ধে এক ইনিংছ আৰু ২৩৩ ৰানত বিশাল জয় পঞ্জীয়ন কৰে শিৱসাগৰে। শিৱসাগৰৰ নিবীৰ বেজবৰুৱাই ১৫০ ৰানৰ সুগঠিত ন'ক খেলিছিল।

আমিনগাঁৱত অনুষ্ঠিত আনখন খেলত বঙাইগাঁওৱে তিতাবৰক ৪ উইকেটত পৰাস্ত কৰে। ২য় ইনিংছত বঙাইগাঁৱৰ পল্ল কৰুণাকাৰে (৮-১২) এক মহৎ স্পেল বলিং কৰে।

চমু স্ক'ৰঃ নেহৰু ষ্টেডিয়াম-মাজুলীৰ প্ৰথম ইনিংছ ১০২, শিৱসাগৰ ১ম ইনিংছ ৩৮৮-৯ (ডিচেম্বৰ), নিবিৰ বেজবৰুৱা ১৫০, ৰাহুল তামুলী ৬৩, বিভূতি শৰ্মা ৪-১১৪, মাজুলী ২য় ইনিংছ ৫৩, বিভূতি শৰ্মা ২৩, ভূবন চেত্ৰী ৬-১৭।

আমিনগাঁও- তিতাবৰ ১ম ইনিংছ ১২০, বঙাইগাঁও ১ম ইনিংছ ১১২, তিতাবৰ ২য় ইনিংছ ৪৫, পল্লা কৰুণাকৰ ৮-১২, বঙাইগাঁও ২য় ইনিংছ ৫৪-৬, বিশ্বজিৎ সাহু ৩-২৮।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com