Begin typing your search above and press return to search.

আঘাতৰ সমস্যাঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত বাদ পৰিল ৰোহিত শৰ্মা

প্ৰিয়াংকে চেঞ্চুৰিয়নত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা খেলখনৰ ভাৰতীয় দলৰ অপেনিং বেটছমেনৰ দায়িত্ব পালন কৰিব।

আঘাতৰ সমস্যাঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত বাদ পৰিল ৰোহিত শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Dec 2021 12:07 PM GMT

আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টেষ্টত বাদ পৰিল ভাৰতীয় টেষ্ট দলৰ নৱ-নিযুক্ত উপ-অধিনায়ক ৰোহিত শৰ্মা ৷ তেওঁৰ ঠাইত দলত স্থান পাইছে প্ৰিয়ংক পঞ্চালে ৷ মুম্বাইৰ বান্দ্ৰা কুৰ্লা কমপ্লেক্সত অনুশীলন মেচত অংশ লোৱাৰ সময়ত তেওঁ আঘাত পায়। সেয়েহে তেওঁক দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে হবলগা তিনিখনীয়া টেষ্ট শৃংখলাৰ পৰা বাদ দিয়া হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ৰোহিত শৰ্মাৰ স্থানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড ( বি চি চি আই)-এ গুজৰাটৰ ১৩ বছৰীয়া বেটছমেন প্ৰিয়াংক পঞ্চালক দলত অন্তৰ্ভুক্ত কৰিছে। বি চি চি আইৰ এই ঘোষণাৰ পৰিপ্ৰেক্ষিতত প্ৰিয়াংকে চেঞ্চুৰিয়নত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগা খেলখনৰ ভাৰতীয় দলৰ অপেনিং বেটছমেনৰ দায়িত্ব পালন কৰিব।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এই তিনিখনীয়া টেষ্ট শৃংখলা অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হব। আনহাতে, ৰোহিত শৰ্মাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক এদিনীয়া আন্তৰ্জাতিক শৃংখলাত ভাগ লবনে নলয়, সেয়া নিশ্চিত হোৱা নাই। কাৰণ তেওঁ অনুশীলন মেচত পোৱা আঘাত জটিল বুলি বাতৰি পোৱা হৈছে। এনে অৱস্থাত তেওঁ এই এদিনীয়া আন্তৰ্জাতিক শৃংখলাতো অংশ লোৱাৰ সম্ভাৱনা ক্ষীণ।


আৰু চাব পাৰেঃ এলায়েন্স এয়াৰত ছুপাৰভাইজাৰ ছিকিউৰিটীৰ পদ খালী

Next Story