এলায়েন্স এয়াৰত ছুপাৰভাইজাৰ ছিকিউৰিটীৰ পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
এলায়েন্স এয়াৰত ছুপাৰভাইজাৰ ছিকিউৰিটীৰ পদ খালী

এলায়েন্স এয়াৰৰ বিষয়ে

ইণ্ডিয়ান এয়াৰলাইন্সৰ অধীনৰ প্ৰতিষ্ঠানৰূপে ১৯৯৬ৰ এপ্ৰিলত গঠন কৰা হয়। পৰৱৰ্তী সময়ত ইণ্ডিয়ান এয়াৰলাইন্সক এয়াৰ ইণ্ডিয়াৰ  সৈতে চামিল কৰা হয়। মূল কোম্পানীটোৱে এলায়েন্স এয়াৰক বয়িং ৭৩৭ৰ পৰিবহণ ভাল কৰাৰ বাবে ১২ খন বিমান দিয়ে। এই অধীনৰ প্ৰতিষ্ঠানে  ১৯৯৬ৰ ১৫ এপ্ৰিলত প্ৰথমখন বিমানৰ উৰণ সম্পন্ন কৰে। ২০০২ত এই প্ৰতিষ্ঠানে দেশৰ ৪৪ টা স্থানলৈ বিমানৰ পৰিবহণ আৰম্ভ কৰে। এই পৰিবহনত ১১ কন বয়িং ৭৩৭-২০০ বিমান ব্যৱহাৰ কৰা হয়।  ১৯৯৭ৰ ১ এপ্ৰিলত এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিয়ান এয়াৰ লাইন্সৰ যৌথ প্ৰতিষ্ঠান বায়ুদূত এয়াৰলাইন্সক এলায়েন্স এয়াৰৰ লগত চামিল কৰা হয়। উত্তৰ-পূব আৰু দেশৰ বিভিন্ন স্থানত বিমান পৰিবহৰ বাবে এয়া কৰা হয়। 

২০১৯ৰ ১১ নৱেম্বৰত চেন্নাইৰ পৰা জাফনালৈ এলায়েন্স এয়াৰৰ প্ৰথমখন আন্তৰ্জাতিক বিমানে উৰণ কৰে। প্ৰতিষ্ঠানটোৱে ২০২০-২১ত  আয়ৰ তথা লাভ-লোকচানৰ তথ্য ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰে।  বৰ্যটোত ইয়ে ৬৫.০৯ কোটি টকা লোকচান ভৰাৰ বিপৰীতে ৬৫.০৯ কোটি টকা লাভ কৰে।  

এলায়েন্স এয়াৰত পদ খালীঃ 

এলায়েন্সে এয়াৰে ডিমাপুৰ, ভুৱনেশ্বৰ (ওড়িছা), চণ্ডীগড়, লক্ষ্ণৌ, শ্বিলং, ৰাইপুপ (চত্তিশগড়), ৰাঁচী (ঝাৰখণ্ড), দমনত ছুপাৰবািজাৰ ছিকিউৰিটীৰ ৪০ টা পদত নিযুক্তি দিবলৈ লৈছে।

১৬ ডিচেম্বৰ, ২০১৬ত ইয়াৰ মৌখিক সাক্ষাতকাৰৰ অন্তিম দিন। 

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

ছুপাৰভাইজাৰ ছিকিউৰিটী। 

খালী পদৰ সংখ্যা

৪০টা। 

বয়সসীমা

৩১-১২-২০২১- সৰ্বোচ্চ ৪৫ বছৰ। 

দৰমহা 

মাহিলী ২২, ৩৭১টকা।

চাকৰিৰ স্থান

 ডিমাপুৰ, ভুৱনেশ্বৰ (ওড়িছা), চণ্ডীগড়, লক্ষ্ণৌ, শ্বিলং, ৰাইপুপ (চত্তিশগড়), ৰাঁচী (ঝাৰখণ্ড), দমন

সাক্ষাতকাৰৰ তাৰিখ

১৬ ডিচেম্বৰ, ২০২১। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা, সাক্ষাতকাৰ। 

বয়স ৰেহাই

 অ বি চি- ৩ বছৰ। এছ চি- এছ টি- ৫ বছৰ। 

আবেদনৰ মাচুলঃ এহেজাৰ টকা।এছ চি/এছ চি প্ৰাৰ্থীৰ নাই। পৰিশোধৰ পদ্ধতি: ডিমাণ্ড ড্ৰাফট। 

শিক্ষাগত অৰ্হতা/

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হব লাগিব।

অভিজ্ঞতাঃ প্ৰাৰ্থীয়ে হিন্দী, ইংৰাজী আৰু স্থানীয় ভাষাত ভাব বিনিময় কৰিব পাৰিব লাগিব।  তদুপৰি ৩ বছৰীয়া BCASBasic AVSEC Certificate থাকিবই লাগিব। 

আবেদনৰ প্ৰক্ৰিয়া:

Alliance Air Aviation Limited 'Alliance Bhawan' Domestic Terminal – 1 I.G.I Airport, New Delhi – 110037লৈ আবেদন প্ৰেৰণ কৰিব পাৰিব। 

আবেদন জনোৱাৰ পূৰ্বে airindia.in চাব। 

এই ৱেবছাইটৰ  কেৰিয়াৰ বা নিযুক্তি অপচন চাব।

যোগে আৱেদন কৰিব বিচৰা পদ বাছনি কৰক • আৱেদন কৰিব বিচৰা পদৰ অৰ্হতা পৰ্যবেক্ষণ কৰক • শুদ্ধভাবে আৱেদন পূৰণ কৰক • আবেদন মাছুল পৰিশোধ কৰক (যদিহে আছে)।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com