পলাশবাৰীৰ কুলচী নলবাৰীত সেউজ বিপ্লৱৰ সূচনা ৬০জন ব্যক্তিৰ

পাছলৈ এই কলখেতি পিছত লাহে লাহে বঢ়াই গৈ ৩০০ বিঘা মাটিত কৰিবলৈ ধৰে।
পলাশবাৰীৰ কুলচী নলবাৰীত সেউজ বিপ্লৱৰ সূচনা ৬০জন ব্যক্তিৰ
Published on: 

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিত সেউজ বিপ্লৱ গঢ়িছে ৬০ জন ব্যক্তিয়ে। কলৰ খেতিৰে এইদৰে বিপ্লৱৰ সৃষ্টি কৰি এক অনুকৰণীয় আৰ্হি দাঙি ধৰিছে এই উদ্যমী ব্যক্তিসকলে। সমষ্টিটোৰ অন্তৰ্গত অসম–মেঘালয় সীমান্তৰ কুলচী নলবাৰীত এনেদৰে সৃষ্টি হৈছে সেউজ বিপ্লৱৰ বুনিয়াদ। এই ৬০ জন ব্যক্তিয়ে প্ৰায় ৩০০ বিঘা ভূমিত মালভোগ কলৰ খেতি কৰিছে। কুলচী নৈৰ পাৰত কৰা কলখেতিৰে চাৰিওফালৰ সেউজীয়া হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি কুলচী নলবাৰীৰ সতীশ ৰাভাই কেইজনমান শিক্ষিত যুৱকক লগত লৈ প্ৰথমে কম মাটিত কলখেতি আৰম্ভ কৰে। পাছলৈ এই কলখেতি পিছত লাহে লাহে বঢ়াই গৈ ৩০০ বিঘা মাটিত কৰিবলৈ ধৰে।

প্ৰায় ৬০জন লোকে গোটেই দিন এই কল খেতিত ব্যস্ত হৈ থাকে। চৰকাৰী চাকৰি বিচাৰি দৌৰি নুফুৰি তেওঁলোকে কলখেতিৰে আয়ৰ পথ বাচি লৈছে। ইয়াৰ জৰিয়তে নিৱনুৱা যুৱক-যুৱতীকো অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com