Begin typing your search above and press return to search.

গুৰুতৰভাবে অসুস্থ অভিনেতা অক্ষয় কুমাৰৰ মাতৃ

অক্ষয় কুমাৰে 'বেল বটম'ৰ বাবে লণ্ডনত আছিল, অভিনেতাজনে তেওঁৰ মাকৰ সৈতে সময় কটোৱাৰ বিষয়ে পোষ্ট শ্বেয়াৰ কৰিছিল।

গুৰুতৰভাবে অসুস্থ অভিনেতা অক্ষয় কুমাৰৰ মাতৃ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Sep 2021 5:57 AM GMT

গুৰুতৰভাবে অসুস্থ হৈ পৰিছে জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰৰ মাতৃ। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁক হাস্পতালত ভৰ্তি কৰা হৈছে। ইতিমধ্যে তেওঁক জৰুৰীকালীন কক্ষ ( আই চি ইউ)-ত চিকিত্সাৰ বাবে ভৰ্তি কৰা হৈছে। সেয়ে তেওঁৰ অভিনেতা পুত্ৰ অক্ষয়ে সোমবাৰে ৰাতিপুৱা লণ্ডনৰ পৰা মুম্বাইলৈ উভতি আহে । সম্প্ৰতি তেওঁ অসুস্থ মাতৃ অৰুণা ভাটিয়াৰ সৈতে আছে। অভিনেতাজনে ৰঞ্জিত তেৱাৰীৰ সৈতে নতুন ছবি 'চিন্দ্ৰেলা'ৰ দৃশ্যগ্ৰহণত লণ্ডনত ব্যস্ত আছিল । কিন্তু মাতৃৰ অসুস্থতাৰ বাবে হঠাতে ভাৰত আহিবলৈ সিদ্ধান্ত লবলগীয়া হয়।

এটা বাতৰি পৰ্টেলৰ মতে, অক্ষয় কুমাৰৰ মাতৃ অসুস্থ হৈ আছে আৰু মুম্বাইৰ এখন চিকিৎসালয়ত আইচিইউত ভৰ্তি হৈ আছে। অভিনেতাজনে তেওঁৰ চলচ্চিত্ৰৰ নিৰ্মাতাসকলক সেই দৃশ্যবোৰৰ দৃশ্যগ্ৰহণ অব্যাহত ৰাখিবলৈ কৈছে য'ত তেওঁ ফ্ৰেমত থকাৰ প্ৰয়োজন নাই। যোৱা বছৰ যেতিয়া অক্ষয় কুমাৰে 'বেল বটম'ৰ বাবে লণ্ডনত শ্বুটিং কৰি আছিল, অভিনেতাজনে তেওঁৰ মাকৰ সৈতে সময় কটোৱাৰ বিষয়ে এক আবেগিক পোষ্ট শ্বেয়াৰ কৰিছিল। পোষ্টটোত তেওঁ লিখেঃ "আপুনি জীৱনত যিমানেই ব্যস্ত নাথাকক কিয়, পাহৰি নাযাব যে আপোনাৰ পিতৃ-মাতৃ বৃদ্ধ হৈ আহিছে... গতিকে আপুনি এতিয়াই পাৰিলে তেওঁলোকৰ সৈতে সময় কটাওক।"


আৰু পঢ়িব পাৰেঃ চৰ্চাত অভিনেত্ৰী কেটৰিনা কাইফৰ চান-কিচ্চদ ফটো

Next Story
চাকৰি