Begin typing your search above and press return to search.

অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ দেহাৱহান

তেওঁ লিখিছে, "আজি মই এক অসহনীয় বেদনা অনুভৱ কৰিছো"

অভিনেতা অক্ষয় কুমাৰৰ মাতৃ অৰুণা ভাটিয়াৰ দেহাৱহান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2021 5:27 AM GMT

জনপ্ৰিয় অভিনেতা অজয় কুমাৰ মাতৃহাৰা হৈছে। কিছুদিন পূৰ্বে অক্ষয়ৰ মাতৃ অৰুণা ভাটিয়া আকস্মিকভাবে অসুস্থ হৈ পৰে। তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ ক্ৰমে দ্ৰূত অৱনতি ঘটে আৰু বুধবাৰে ইহলীলা সম্বৰণ কৰে। তেওঁক মুম্বাইৰ হিৰানন্দনী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত তেওঁ আইচিইউত চিকিৎসাধীন হৈ আছিল। আনহাতে, অক্ষয়ে বুধবাৰে পুৱা টুইটাৰযোগে মাতৃৰ বিয়োগৰ কথা সদৰী কৰে।

আজি পুৱা এটা টুইটত তেওঁ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰি লিখে: "তেওঁ মোৰ মূল আছিল। আৰু আজি মই এক অসহনীয় বেদনা অনুভৱ কৰিছো। মোৰ মা শ্ৰীমতী অৰুণা ভাটিয়াই আজি পুৱা নীৰৱে এই পৃথিৱী এৰি গৈছে আৰু আনখন পৃথিৱীত মোৰ দেউতাৰ সৈতে পুনৰ মিলিত হৈছেগৈ।ওম শান্তি।"

মাতৃ অসুস্থ হৈ পৰাৰ সময়ত অক্ষয় ব্ৰিটেইনত আছিল আৰু এই সপ্তাহৰ আৰম্ভণিতে তেওঁৰ মাতৃৰ সৈতে থাকিবলৈ মুম্বাইলৈ উভতি আহিছিল। সোমবাৰে মুম্বাই বিমানকোঠত তেওঁক দেখা যায় । মঙলবাৰে, অক্ষয় কুমাৰে এটা ইনষ্টাগ্ৰাম পোষ্টত তেওঁৰ মাতৃৰ স্বাস্থ্যৰ বিষয়ে লিখিছিল।


আৰু চাব পাৰেঃ আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ৮ ছেপ্টেম্বৰ, বুধবাৰ, ২০২১)

Next Story
চাকৰি