Begin typing your search above and press return to search.

ভাইৰেল হৈ পৰিছে ভাৰতৰ সংবিধানৰ আৰ্হিত নিৰ্মাণ কৰা এখনি বিবাহ নিমন্ত্ৰণ পত্ৰ

এই পত্ৰ খনত আইনৰ তুলা চালনীৰ এখন পাল্লাত লিখা হৈছে কইনাৰ নাম, আৰু আনখনত দৰা নাম

ভাইৰেল হৈ পৰিছে ভাৰতৰ সংবিধানৰ আৰ্হিত নিৰ্মাণ কৰা এখনি বিবাহ নিমন্ত্ৰণ পত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2021 12:08 PM GMT

বৰ্তমান সময়ৰ নৱপ্ৰজন্মই নিজৰ বৈবাহিক জীৱনৰ আৰম্ভণি স্মৰণীয় কৰি ৰখাত কোনো ধৰণৰ হেমাহি নকৰে। বিবাহৰ বিষয় লৈ তেওঁলোকৰ বিস্ময়কৰ পৰিকল্পনা সমূহে বহু সময়ত আনক আচৰিত কৰাৰ পৰা বিৰত নহয়।

শেহতীয়া ভাৱে অসম, গুৱাহাটীৰ এজন উকীলে নিজৰ বিশেষ দিনটোৰ বাবে ভাৰতৰ সংবিধানৰ আৰ্হিত নিৰ্মাণ কৰা নিমন্ত্ৰণ পত্ৰ সমগ্ৰ ইণ্টাৰনেট জগতত ভাইৰেল হৈ পৰিছে।

এক বিশেষ আৰ্হিত তৈয়াৰী এই পত্ৰ খনত আইনৰ তুলা চালনীৰ এখন পাল্লাত লিখা হৈছে কইনাৰ নাম, পূজা আৰু আনখনত দৰা নাম এডভোকেট অজয়। দৰাচলতে এই বিশেষ ষ্টাইল তৈয়াৰ কৰা হৈছে দৰা আৰু কইনা দুয়োগৰাকীৰে সমান অধিকাৰ বুজাবলৈ। ২৮নৱেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত হ'ব লগীয়া এই বিবাহ খনে নিজৰ বিশেষ পৰিকল্পনাৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।



আমোজনকভাৱে, উল্লেখিত কাৰ্ড খনত লিপিবদ্ধ কৰোৱা হৈছে, ভাৰত চৰকাৰৰ দ্বাৰা নিৰ্মিত বিবাহ সম্বন্ধীয় সকলো আইন আৰু অধিকাৰ। কাৰ্ড খনত উল্লেখ কৰা হৈছে যে, "বিবাহৰ অধিকাৰ, ভাৰতীয় সংবিধানৰ ১২নং খণ্ডৰ অন্তৰ্গত জীৱনৰ অধিকাৰৰ এক গুৰুত্বপূৰ্ণ অংশ। আৰু বৰ্তমান মোৰ অধিকাৰ সাবস্ত্য কৰাৰ সময় অহা ২৮নৱেম্বৰ, ২০২১ তাৰিখে আহি পৰিছে।"

ইয়াৰ লগতে লিপিবদ্ধ কৰা হৈছে এটি সৰু লাইন যিয়ে আমোদ জগোৱাৰ পৰা কেতিয়াও পিছ পৰী নৰয়। এই বিশেষ লাইন টোত উল্লেখ কৰা হৈছে যে, "যেতিয়া কোনো উকীল বিবাহ পাশত আবদ্ধ হয়, তেওঁলোকে বিবাহৰ বাবে সমৰ্থন নজনায়। তেওঁলোকে কয়, আমি এই সকলো চৰ্ত মানি লৈছোঁ"।

দৰাৰূপী উকীল গৰাকী, যিয়ে বিগত ৫বছৰৰ পৰা এই পেছাত কাম কৰি আহিছে, তেওঁ নিজৰ এগৰাকী বন্ধুৰ সৈতে এই কাৰ্ড তৈয়াৰ কৰিছে। তেওঁ নিজৰ পৰিয়ালৰ লোক সকলক নিজৰ এই আচহুৱা পৰিকল্পনাৰ বিষয়ে অৱগত কৰোৱা নাছিল। ইণ্টাৰনেট যোগে এই কাৰ্ড ভাইৰেল হোৱাৰ পাছতহে তেওঁলোকে ইয়াৰ সদ্ভেদ পায়।

এই কাৰ্ড ইণ্টাৰনেট যোগে অতিকৈ ভাইৰেল হৈ পৰিছে। আইন প্ৰশিক্ষণ লৈ থকা বহুতো শিক্ষাৰ্থীয়ে, এই কাৰ্ড পঢ়ি তেওঁলোকে নিজৰ আধা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে নিচিনা খুহুতীয়া কথাৰে বিভিন্ন ধৰণৰ ৰগৰ তুলিছে।



বহুতো লোকে এইয়া বিবাহ নিমন্ত্ৰণী নহয় কোনো অফিচিয়েল দৰ্খাস্ত বুলি খুহুতীয়া মত প্ৰকাশ কৰিছে।

এই অপৰিকল্পনীয় পৰিকল্পনাৰ বিষয়ে আপোনাৰ মত কি?


আৰু পঢ়ক : পুনৰ এবাৰ বৰাক উপত্যকাত অসন্মানিত অসমীয়া ভাষা


Next Story
চাকৰি