দৰাৰ সন্মুখতে কইনাৰ অশ্লীল নৃত্য

নিজৰ বিয়াৰ আনন্দত আত্মহাৰা হৈ আচৰিত ভাৱে, ঘূৰি ঘূৰি নৃত্য কৰিছে এগৰাকী কইনাই
দৰাৰ সন্মুখতে কইনাৰ অশ্লীল নৃত্য
Published on

শেহতীয়া ভাৱে ইণ্টাৰনেট যোগে প্ৰকাশ পাইছে, নৃত্যত মগণ এগৰাকী কইনাৰ ভিডিঅ'। টুইটাৰ যোগে প্ৰকাশ পোৱা এক ভিডিঅ' ত দেখিবলৈ পোৱা গৈছেনিজৰ বিয়াৰ আনন্দত আত্মহাৰা হৈ আচৰিত ভাৱে, ঘূৰি ঘূৰি নৃত্য কৰিছে এগৰাকী কইনাই। আৰু বিবাহত উপস্থিত লোক সকলে তেওঁলৈ অপলক দৃষ্টিৰে চাই আছে।

চচিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰা এই ভিডিঅ' দেখি হয়টো আপোনাৰ চকু কপালত উঠিব। উক্ত ভিডিঅ' টোত দৰা গৰাকীক প্ৰত্যক্ষ কৰা হৈছে শান্তভাবে এখন চকীত বহি থকা। আৰু তেওঁৰ আশে পাশে ঘূৰি ঘূৰি আনন্দৰ নৃত্য কৰিছে ভাইৰেল কইনা গৰাকীয়ে। সেই সময়ত বিয়ালৈ অহা আত্মীয় আৰু পৰিয়ালৰ সদস্যসকলে তাত থিয় হৈ কইনাৰ নৃত্য চাই আছে।

ভিডিঅ'টো এতিয়ালৈকে ৩৫ লাখতকৈ অধিক লোকে চাইছে। আপুনি দেখা পাইছে যে ভিডিঅ' টোত ভাইৰেল কইনাগৰাকীয়ে তেওঁৰ স্বামীৰ সন্মুখত থিয় হৈ নাচি আছে। আৰু এই নৃত্যত তেওঁৰ সৈতে সহযোগিতা কৰিছে এটি ছোৱালীৰ দলে। আপুনি দেখা পাইছে বগা জেকেট পিন্ধি থকাই দৰাই বহি আছে চকীত আৰু কইনাই দৰাৰ আশে-পাশে ঘূৰি আছে। নৃত্যৰ মাজে মাজে কইনা গৰাকী তেওঁ স্বামীৰ কোলাত বহি পৰে।

ভিডিঅ'টোত আপুনি কইনাগৰাকীক বেকলেছ পোছাক পিন্ধি থকা দেখা পাইছে। কইনাৰ শৰীৰৰ আধা অংশ ইয়াত দেখা গৈছে। কইনাগৰাকীৰ এই পোছাকটো সামাজিক মাধ্যমত বহুলোকে যথেষ্ট উত্তেজক বুলি কয় আছে। টুইটাৰ যোগে শ্বেয়াৰ কৰা এই ভিডিঅ'টো চাই বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে যে, "এইগৰাকী সঁচাকৈয়ে কইনা নেকি?" অৱশ্যে, কিছুমান লোকে কইনাগৰাকীক সমৰ্থন কৰি আছে আৰু কৈছে যে কইনাই তাইৰ বিয়া উপভোগ কৰিব নোৱাৰে নেকি?

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com