Begin typing your search above and press return to search.

চাইবাৰ অপৰাধৰ হেতু গ্ৰেপ্তাৰ কটন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী

খবৰ অনুসৰি সংবাদ মাধ্যমত ব্যাপক অপৰাধজনিত কাৰ্য্য কলাপত লিপ্ত হৈছিল এই ব্যক্তি গৰাকী

চাইবাৰ অপৰাধৰ হেতু গ্ৰেপ্তাৰ কটন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-12-11T18:30:41+05:30

ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত ব্যাপক অনিয়ম সংঘটিত কৰি নিলম্বিমত হোৱা জেষ্ঠ সহায়ক, ধ্ৰুৱজ্যোতি গোস্বামী পুনৰ এবাৰ বাতৰিৰ শিৰোনামত। কটন বিশ্ববিদ্যালয়ৰ নামত কলিমা সানি এই গৰাকীয়ে সংঘটিত কৰিছে এক লজ্জাজনক কাণ্ড।

নগাঁও জিলাৰ, হয়বৰগাঁও আৰক্ষী চকীত এগৰাকী স্থানীয় মহিলাই তৰা এক গোচৰৰ ভিত্তিত নগাওঁ আৰক্ষীয়ে জেৰা কৰাৰ বাবে আটক কৰিছে গোস্বামীক। খবৰ অনুসৰি সংবাদ মাধ্যমত ব্যাপক অপৰাধজনিত কাৰ্য্য কলাপত লিপ্ত হৈছিল এই ব্যক্তি গৰাকী।

জানিব পৰা মতে মহিলাৰ নামত ফেচবুকত এক ভুৱা একাউণ্ট খুলিছিল ধ্ৰুৱজ্যোতি গোস্বামীয়ে। আৰু পৰবৰ্তী সময়ত এই একাউণ্টৰ যোগে ব্বিভিন্ন মহিলাৰ কিছু অশ্লীল ছবি আপলোড কৰিছিল। গোস্বামীক আটক কৰাৰ লগতে আৰক্ষীয়ে তেওঁৰ কম্পিউটাৰ নিজৰ জিম্মাত লৈছে পৰবৰ্তী অনুসন্ধানৰ বাবে।

কটন বিশ্ববিদ্যালয়ৰ দৰে এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হোৱাৰ পিছতো ধ্ৰুৱজ্যোতিয়ে বিগত সময়ছোৱাত বহু চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত কৰাৰ বিষয়ে জানিবলৈ পোৱা গৈছে। ধ্ৰুৱজ্যোতি গোস্বামীয়ে বহু সময়ত বহু মহিলাক ব্লেকমেইলিং কৰাৰ অভিযোগো উত্থাপিত হৈছে।


আৰু পঢ়ক : বকোত বন বিভাগৰ গুলীবৰ্ষণত মাতৃ আহত আৰু নিহত কন্যা




Next Story