১০০ ত ফোন কৰি আৰক্ষীক সুৰা বিচাৰি হাহাকাৰ যুৱকৰ, ভাইৰেল হ'ল ভিডিঅ'

১০০ ত ফোন কৰি আৰক্ষীক সুৰা বিচাৰি হাহাকাৰ যুৱকৰ, ভাইৰেল হ'ল ভিডিঅ'

১০০ ত ফোন কৰি আৰক্ষীক সুৰা বিচাৰি হাহাকাৰ যুৱকৰ, ভাইৰেল হ'ল ভিডিঅ'।সুৰা পান কৰি বিভিন্ন সময়ত মানুহে বিভিন্ন কাৰ্যকালপ সংঘটিত কৰে । সুৰা পান কৰি বহু সময়ত বহু লোক অপৰাধ জনিত কাৰণত লিপ্ত হোৱা দেখা যায়। তদুপৰি সুৰা পান কৰি কৰা কাম বোৰৰ পিছত বহু সময়ত আমি লজ্জিত হব লগীয়া হয়। কিছুমান কাম যদি ভাল উপহাস মূলক আন কিছুমান আপত্তিজনক । যি নহওক সুৰা পান কৰি বিভিন্ন ধৰণৰ কাৰ্যকালাপ সংঘটিত কৰা বিভিন্ন ঘটনা‌ পোহৰলৈ অহা দেখা যায়।

ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত সুৰা পান কৰা এটা ব্যক্তি এজনৰ ভিডিঅ'বহুলভাৱে প্ৰচাৰ হৈছে । ভাইৰেল হোৱা ভিডিঅ'টোত দেখিবলৈ পোৱা যায় যে এজন সুৰা পান কৰা ব্যক্তিয়ে আৰক্ষীৰ জৰুৰীকালীন সেৱাৰ নম্বৰ ১০০ ত ফোন কৰি আৰক্ষীক সুৰা বিচাৰে ।

জানিব পৰা মতে যুৱক জনৰ নাম শচীন । ভিডিঅ'টোত দেখিবলৈ পোৱা যুৱক জন অৰ্থাৎ শচীন মধ্যপ্ৰদেশৰ কোটাৰ জিলা নিৱাসী ।

https://twitter.com/bhavatoshsingh/status/1197722487640879105

ভাইৰেল হোৱা ভিডিঅ'টো ১ মিনিট ৪৭ চেকেণ্ডৰ । ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে আৰক্ষীয়ে শচীনত প্ৰশ্ন কৰি আছে যে কিয় তেওঁ ১০০ ত ফোন কৰিছে । তাৰপিছতেই শচীনে সুৰা ব্যৱসায়ী এজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে । শচীনে কোৱা অনুসৰি সুৰা ব্যৱসায়ী জন শচীনৰ সম্পৰ্কীয় । যুৱজনে কয় যে শ্যাম বিহাৰী নামৰ সুৰা ব্যৱসায়ী জনে তেওঁক সুৰা নিদিয়ে । যুৱক জনে কয় যে পইচা দিয়াৰ পিছতো তেওঁক সুৰা নিদিয়ে শ্যাম বিহাৰীয়ে, যাৰ বাবে তেওঁ ১০০ ত ফোন কৰিছিল। তেওঁৰ ১০০ ত ফোন কৰাৰ এটায়ে উদ্দেশ্য যে তেওঁ সুৰা পান কৰিব পৰা নাই আৰু আৰক্ষীৰ পৰা তেওঁ সুৰা বিচাৰে ।

ভিডিঅ'টোত আৰক্ষীয়ে যুৱক জনক প্ৰশ্ন কৰে যে তেওঁ কি বিছাৰে তেতিয়া সুৰা লাগে বুলি কয় যুৱক জনে ।তদুপৰি যুৱকজনে কয় যে তেওঁ ৰাতিপুৱাও সুৰা পান কৰি আহিছে । আৰক্ষীয়ে যুৱক জনক প্ৰশ্ন কৰে যে তেওঁ শ্যাম বিহাৰীৰ বিৰুদ্ধে কিবা গোচৰ ৰুজু কৰিব বিচাৰে নেকি । তেতিয়া যুৱক জনে কয় যে তেওঁ কেৱল সুৰাহে বিচাৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com