Begin typing your search above and press return to search.

পৃথিৱীৰ সবাতোকৈ বিষাক্ত মাছটো , এটোপাল বিষৰ ফলত হ'ব পাৰে মৃত্যু

পৃথিৱীৰ সবাতোকৈ বিষাক্ত মাছটো , এটোপাল বিষৰ ফলত হব পাৰে মৃত্যু

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Nov 2019 1:37 PM GMT

পৃথিৱীৰ সবাতোকৈ বিষাক্ত মাছটো , এটোপাল বিষৰ ফলত হ'ব পাৰে মৃত্যু। আমি বিভিন্ন ধৰণৰ জীৱ জন্তু প্ৰানী আদিৰ বিষয়ে শুনিছো । তদুপৰি সাগৰৰ পাৰত বহি সাগৰৰ ঢৌ চাই প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰা সকলোৰে প্ৰিয়। পৃথিৱীত বহু ধৰণৰ বিষাক্ত প্ৰাণী বা জীৱ জন্তু পোৱা যায়। তাৰ ভিতৰতে কিছুমান এনেকুৱা জীৱ আছে যি বোৰ ইমানেই বিষাক্ত যে সেইবোৰৰ ফলত মানুহৰ মৃত্যুও হ'ব পাৰে।

এই প্ৰানী জীৱ জন্তুৰ ভিতৰত এটা মাছ আছে যি অতি বিষাক্ত। এই মাছটোৰ নাম স্তোন ফিছ বুলি জানিব পৰা গৈছে। এই মাছটো বেছিকৈ মকৰ ৰেখাৰ ওচৰে পাজৰে পোৱা যায়।‌

জানিব পৰা মতে স্তোন ফিছ দেখাত শিলৰ দৰে লাগে । এইটোৱে কাৰণ যে এই মাছটো মানুহে চিনি নাপায় আৰু ইয়াৰ চিকাৰ হয় । ভূলবশত যদি এই মাছটোৰ ওপৰত কাৰোবাৰ ভৰি পৰে তেন্তে মাছটোৰ বিষ শৰীৰত সোমাই যায় । ইয়াৰ বিষ ইমানেই বেছি যে হয়তো মানুহ জনৰ ভৰি খন কাটিব লাগিব নহলে মৃত্যুও হ'ব পাৰে ।

জানিব পৰা মতে পৃথিৱীত পোৱা বিভিন্ন মাছৰ ভিতৰত এই মাছটো কিছু পৃথক। সকলো মাছৰ শৰীৰ কোমল কিন্তু এই মাছটোৰ শৰীৰ কঠিন।

পৃথিৱীত বিভিন্ন জন্তুৰ সন্ধান পোৱা যায় । কেতিয়াবা যদি কোনোবা ফালে লাখ লাখ দামত কেঁকোৰা বিক্ৰী হৈছে তেন্তে আন এখন ঠাই এনেকুৱা আছে য'ত কেঁকোৰাই ৰাজত্ব কৰে । মুঠতে পৃথিৱী খন এনেকুৱা বিভিন্ন ধৰণৰ আজৱ অসাধৰণ ঘটনাৰে আৱৰা ।

অন্য খবৰৰ বাবে পঢ়ক: জিলাপী খাই গৌতম গম্ভীৰ হ’ল ট্ৰ’ল, কৰে সদায়ৰ কাৰণে এৰি দিম জিলাপী খোৱা

ভিডিঅ প্ৰতক্ষ্য কৰক Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি