Begin typing your search above and press return to search.

জিলাপী খাই গৌতম গম্ভীৰ হ'ল ট্ৰ'ল, কৰে সদায়ৰ কাৰণে এৰি দিম জিলাপী খোৱা

জিলাপী খাই গৌতম গম্ভীৰ হল ট্ৰল, কৰে সদায়ৰ কাৰণে এৰি দিম জিলাপী খোৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Nov 2019 12:40 PM GMT

জিলাপী খাই গৌতম গম্ভীৰ হ'ল ট্ৰ'ল, কৰে সদায়ৰ কাৰণে এৰি দিম জিলাপী খোৱা । গৌতম গম্ভীৰ এটি পৰিচিত নাম । এসময়ৰ জনপ্ৰিয় ক্ৰিকেটাৰ আছিল গৌতম গম্ভীৰ। পিছত তেওঁখ ৰাজনীতিত যোগদান কৰাও দেখা যায় ।‌

পূৰ্বৰ বিজেপি সাংসদ তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ দিল্লীত প্ৰদুষনৰ ওপৰত অনুষ্ঠিত হোৱা সভাত উপস্থিত নাছিল । প্ৰদূষণৰ ওপৰত দিল্লীত সভা অনুষ্ঠিত হৈছিল ১৫ নৱেম্বৰ তাৰিখে। সেই বিশেষ সভা খনত গৌতম গম্ভীৰ উপস্থিত নোহোৱাত বিভিন্ন আলোচনাৰ সন্মুখীন হ'ব লগীয়া হয়। ঘটনা ইমান‌খিনি বাঢ়ি গৈছিল যে গৌতম গম্ভীৰক লৈ বিভিন্ন লোকে পোষ্টাৰ উলিয়াইছিল। য'ত লিখা আছিল যে , " এই ব্যক্তি জনক কোনোবাই দেখিছে নেকি । শেষ বাৰৰ বাবে তেওঁক ইন্দোৰত জিলাপী খাই থকা দেখা গৈছিল। সমগ্ৰ দিল্লীতে এই ব্যক্তি গৰাকীক বিচাৰি থকা হৈছে"।

https://twitter.com/hallagullaboy/status/1195268802449047552

গৌতম গম্ভীৰক কৰা এই‌ ট্ৰ'লৰ উত্তৰ দিয়ে ক্ৰিকেটাৰ জনে ।

গৌতম গম্ভীৰে কয় যে , "যদি মই জিলাপী খোৱাৰ ফলত দিল্লীৰ প্ৰদূষণ বাঢ়ে তেন্তে জিলাপী খোৱাৱে বাদ দিম । " লগতে কয় যে ১০ মিনিটতে মানুহে তেওঁক ট্ৰ'ল কৰা আৰম্ভ কৰি দিছে । ইমান খিনি কষ্ট যদি সকলোৱে দিল্লীৰ প্ৰদূষণ কম কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে তেন্তে মানুহে শান্তিৰ উশাহ ল'ব পাৰিলে হয় বুলি কয় গৌতম গম্ভীৰে ।

লগতে কয় যে দিল্লীত‌ তেওঁৰ‌ লৰা ছোৱালীও থাকে । সমগ্ৰ দিল্লীয়ে জানে, যাৰ লৰা ছোৱালী দিল্লীত‌ আছে সকলোৱে চিন্তিত হৈ আছে বুলি কয় গৌতম গম্ভীৰে ।‌লগতে তেওঁ কেজৰিৱালৰ চৰকাৰক প্ৰশ্ন কৰে যে বিগত ৫ বছৰৰ পৰা তেওঁৰ চৰকাৰে প্ৰদূষন ৰোধ কৰাৰ বাবে কি কৰিছে ।

জানিব পৰা মতে এই সভাত হেমা মালিনী আৰু গৌতম গম্ভীৰ উপস্থিত নাছিল । দুয়োগৰাকীয়ে বৈঠক অনুষ্ঠিত কৰা সমিতি খনৰ স্থায়ী সদস্য আছিল ।

অন্য খবৰৰ বাবে পঢ়ক: সৰু ল’ৰা ছোৱালীৰ লগত বিৰাট কোহলিয়ে খেলিছে ক্ৰিকেট, ভাইৰেল হ’ল ভিডিঅ’

ভিডিঅ প্ৰতক্ষ্য কৰক Govt all set to push for the contentious Citizenship Bill in the winter session of Parliament

Next Story
চাকৰি