Begin typing your search above and press return to search.

গাড়ী কিনিবলৈ ঘৰৰ পৰা ওলাই আহিল ৫ বছৰীয়া শিশু

PatrolPatrol

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 May 2020 10:04 AM GMT

গাড়ী কিনিবলৈ ঘৰৰ পৰা ওলাই আহিল ৫ বছৰীয়া শিশু

আমি প্ৰতিদিনেই বিভিন্ন ধৰণৰ খবৰ লাভ কৰো । ইয়াৰ মাজতে আমেৰিকাৰ য়ুটাৰ এক আজব ঘটনা পোহৰলৈ আহিছে। য়ুটাৰ এটি ৫ বছৰীয়া শিশুৱে মাক দেউতাকৰ গাড়ী চলাই ওলাই আহিল ঘৰৰ পৰা। দৰাচলতে এই শিশুটিয়ে লম্বোৰগীনী ক্ৰয় কৰিবলৈ এনেদৰে গাড়ী চলাই কেলিফ'ৰ্ণিয়ালৈ গৈ আছিল ।

যেতিয়া হাইৱে পেট্ৰল পুলিচে গাড়ী খন প্ৰত্যক্ষ কৰিছিল, তেতিয়া ভাবিছিল যে কোনো দুৰ্বৃত্তই গাড়ী লৈ আহিছে । কিন্তু যেতিয়া গাড়ীৰ ভিতৰত শিশুটিক দেখে আচৰিত হৈ পৰে আৰক্ষী ।তাৰ পিছতেই তেঁওক সোধা পোছা আৰম্ভ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি শিশুটি স্পোৰ্টছ কাৰৰ অনুৰাগী। শিশুটিয়ে জনায় যে মাক দেউতাকৰ লগত কাজিয়া কৰি তেওঁ ঘৰৰ পৰা ওলাই আহে কিয়নো তেওঁলোকে লম্বোৰগিনি ক্ৰয় কৰাৰ বাবে সন্মত হোৱা নাছিল। তাৰ পিছত তেওঁ বেলেগ চহৰত গৈ গাড়ী কিনাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ছচিয়েল মিডিয়াত শিশুটিৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে । কোনোৱে যদি প্ৰশংসা কৰিছে তেন্তে আন বহুতে সমালোচনা ও কৰিছে ।


অন্য খবৰৰ বাবে পঢ়ক: ত্ৰিপুৰাত ৪ দিনত ৪০ টা নতুন ক'ৱিডপজিটিভ ঘটনা, আতংকিত নহ'বলৈ আহ্বান মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ

ভিডিঅ প্ৰতক্ষ্য কৰক: Live: Tarun Gogoi in an exclusive conversation with Oineetom Ojah only on Sentinel Assam


Next Story
চাকৰি