Begin typing your search above and press return to search.

২০১৯ ৰ পৰা এই কাম কৰি আহিছোঁঃ প'ৰ্ণ ছবিত অভিনয় কৰা অসমৰ যুৱতীৰ মন্তব্য

ইয়াৰ লগতে তেওঁ কয় যে অশ্লীল ছবিত অভিনয় কৰি তেওঁ অত্যন্ত সুখী

২০১৯ ৰ পৰা এই কাম কৰি আহিছোঁঃ পৰ্ণ ছবিত অভিনয় কৰা অসমৰ  যুৱতীৰ মন্তব্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2021 8:01 AM GMT

নিজকে অশ্লীল ছবিৰ নায়িকাৰূপে পৰিচয় দিয়া অসমৰ এগৰাকী যুৱতীৰ এটি সাক্ষাতকাৰসৃশ ভিডিঅ' সম্প্ৰতি ইন্টাৰনেটত ভাইৰেল হৈছে।

ভিডিঅ'টোত যুৱতীগৰাকীয়ে ব্যক্ত কৰে যে তেওঁ যোৱা ২০১৯ বৰ্ষৰ পৰাই "ডাৰ্ক ৱেব"ৰ লগত জড়িত হৈ আছে।

"মই অসমৰ পৰা আহিছোঁ আৰু মই অসমৰ। বিগত ২০১৯ বৰ্ষৰ পৰাই মই নিৰ্ভীকভাৱে এই কাম কৰি আহিছোঁ। তেতিয়াৰ পৰাই বিভিন্ন ছবি প্ৰযোজনা হাউচৰ পৰা কামৰ বাবে অফাৰ পাই আহিছোঁ। তদুপৰি মই বাংলাদেশী প্ৰযোজনা হাউচৰ পৰা আমন্ত্ৰণী পাইছোঁ। আৰম্ভণিতে মই অসমৰ পৰা কলিকতাৰ লৈ ভ্ৰমণ কৰিবলৈ অসুবিধা পাইছিলো", এইদৰে কয় যুৱতীগৰাকীয়ে। ইয়াৰ লগতে তেওঁ কয় যে অশ্লীল ছবিত অভিনয় কৰি তেওঁ অত্যন্ত সুখী।

উল্লেখযোগ্য যে অশ্লীল ছবিৰ সৈতে জৰিত ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা শেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছতে বহু অভিনেত্ৰীয়ে বিৰুদ্ধে বিভিন্ন অভিযোগ উত্যাথাপন কৰে। ইয়াৰে মাজত অসমৰ আৰু উত্তৰ-পূবৰ চেলিব্ৰিটী আছে। সেয়ে এনে এক মুহূৰ্ত্তত এই যুৱতীগৰাকীৰ মন্তব্যই বহুতৰে মনত কৌতূহলৰ সৃষ্টি কৰিছে।

সূত্ৰৰ মতে, ডাৰ্কৱেবৰ সৈতে জৰিত বহুতো মহিলা বিলাসী জীৱনৰ আকাংক্ষাত ইয়াৰ সৈতে জৰিত হয়। আন কিছু ব্লেকমেইলিঙৰ বলি হয়। কোনো কোনোৱে চলচ্চিত্ৰ জগতত ভৰি দিব বাবে এনে কিছু পদক্ষেপ লৈ নিজৰ জীৱন নৰকৰ সমতুল্য কৰি তোলে।

বিগত সময়ত এগৰাকী অসমীয়া অভিনেত্ৰী ঈশিকা বৰাই অভিযোগ কৰে যে তেওঁকো ৰাজ কুন্দ্ৰাই তেওঁক অশ্লীল ছবিত কাম কৰাৰ বাবে প্ৰস্তাৱ দিছিল। মডেলিং জগতত নিজৰ স্থান গঢ়িবলৈ সক্ষম হৈছে ঈশিকাই ।

আৰু চাব পাৰেঃ ৱাশ্বিংটনত চলচ্চিত্ৰ মহোৎসৱত আদিল হুছেইনৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ

Next Story
চাকৰি