নৱজাতকৰ মৃত্যুক লৈ উত্তাল বিলাসীপাৰা
নৱজাতকৰ মৃত্যুক লৈ সৃষ্টি হোৱা এই উত্তেজনাত কিছু স্থানীয় লোকে গুণ্ডাগীৰি চলাই উল্লেখিত হমিঅ' ক্লিনিক খনত

ধুবুৰীৰ, বিলাসীপাৰাত নৱজাতক শিশুৰ মৃত্যুক লৈ সৃষ্টি হয় এক অনিয়ন্ত্ৰিত পৰিস্থিতিৰ। নৱজাতকৰ মৃত্যুক লৈ সৃষ্টি হোৱা এই উত্তেজনাত কিছু স্থানীয় লোকে গুণ্ডাগীৰি চলাই উল্লেখিত হমিঅ' ক্লিনিক খনত।
স্বাস্থ্যৰ কিছু অৱনতি ঘটাৰ হেতুকে মৃতক ৩দিনীয়া কেচুৱাটিক পৰিয়ালৰ লোকে লৈ গৈছিল ধুবুৰী, বিলাসীপাৰাত স্থিত নয়নতৰা হমিঅ' ক্লিনিকলৈ।
উল্লেখিত ক্লিনিক খনৰ দায়িত্বভাৰত থকা চিকিৎসক ডা. বিকাশ চন্দ্ৰ শেখৰে শিশুটিক পৰীক্ষণ কৰে, আৰু দুটোপাল মান ঔষধি শিশুটিৰ মুখত দিয়ে। কিন্তু এই চিকিৎসাৰ পাছতেই চিৰদিনৰ বাবে দুচকু জপাই দিয়ে কণমানিটোৱে।
মৃতক শিশুটিৰ পৰিয়ালৰ লোকে শিশুটিৰ মৃত্যুৰ বাবে চিকিৎসক গৰাকীক দায়ী সজাই। তেওঁলোকে কয় যে, চিকিৎসক গৰাকীৰ ভুল চিকিৎসাৰ বাবে মৃতী ঘটে শিশুটিৰ। এই ঘটনা সংঘটিত হোৱাৰ কিছু পাছতেই স্থানীয় লোকে সকল আহি উপস্থিত হয় ক্লিনিক খনত আৰু দলবদ্ধ ভাৱে বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰে ক্লিনিক খনত।
পৰবৰ্তী সময়ত এই স্থানত আৰক্ষী আহি উপস্থিত হয় আৰু তেওঁলোকৰ উপস্থিতিত এই উত্তপ্ত পৰিবেশ কিছু নিয়ন্ত্ৰিত অৱস্থালৈ ঘূৰি আহে।
চিকিৎসক গৰাকীৰ ওপৰত নিক্ষেপ কৰা অপবাদ খিনিৰ পৰা তেওঁ অমান্তি প্ৰকাশ কৰিছে, আৰু লগতে এই কথা দাবী কৰিছে যে, শিশু গৰাকীৰ উপৰত প্ৰয়োগ কৰা চিকিৎসা খিনি তেওঁৰ ক্লিনিকৰ কেমেৰাত বন্দী হৈছে। যাৰ দ্বাৰা তেওঁ কৰা চিকিৎসা ভুল নে সঠিক প্ৰমাণিত কৰিব পৰা যাব।
মৃতক শিশুটিৰ পৰিয়াল তথা আত্মীয় লুক সকলে চিকিৎসক গৰাকীৰ বিৰুদ্ধে তদন্ত কৰিবৰ বাবে দাবী জনাইছে।
আৰু পঢ়ক: অধিক ভাৰা সংগ্ৰহৰ দোষত আটক কৰা হৈছে গুৱাহাটীৰ ২৫খন বাহন