Begin typing your search above and press return to search.

২মাহৰ পাছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ৰাজ কুন্দ্ৰা

ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে ১৫০০পৃষ্ঠাৰ এখন অভিযোগনামা দাখিল কৰে।

২মাহৰ পাছত কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ৰাজ কুন্দ্ৰা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2021 8:58 AM GMT


অশ্লীল ছবি নিৰ্মাণৰ দোষত কাৰাবন্দী হৈ থকা ৰাজ কুন্দ্ৰা সুদীৰ্ঘ ২ মাহৰ পাছত কালি ২০ ছেপ্টেম্বৰত আদালতে জামিন গ্ৰহণযোগ্য কৰাৰ পাছত ঘৰলৈ উভতে। মুঠ ৫০,০০০টকাৰ বণ্ডৰ বিনিময়ত কুন্দ্ৰাৰ জামিন আবেদন মঞ্জুৰ কৰে মুম্বাইৰ এখন আদালতে। অশ্লীল ছবি নিৰ্মাণৰ মূল অভিযুক্তৰূপে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ব্যৱসায়ীজনক। লগতে হ'টশ্বুটছ নামৰ এটি এপ্লিকেচনৰ লগতো তেওঁৰ সম্পৰ্ক থকা বুলি তেওঁক সোধপোছ কৰা হয়।

ইয়াৰ পূৰ্বে মুম্বাই আৰক্ষীয়ে ১৫০০পৃষ্ঠাৰ এখন অভিযোগনামা দাখিল কৰে। যাৰ অন্তৰ্গত বিজনেছ মেন কুন্দ্ৰাক হ'টশ্বুটছ নামক অশ্লীল ছবিৰ প্ৰদৰ্শন কৰা এপ্ টোৰ সৈতে সাঙোৰা হয়। নিজৰ জামিনৰ আবেদনত ৰাজে মন্তব্য কৰিছিল যে এই গোচৰত তেওঁক বলিৰ পঠা সজোৱা হৈছে। তেওঁ এই এপ টোৰ সৈতে জৰিত বুলি কোনো প্ৰমাণ নাই।

কুন্দ্ৰাৰ উকীল প্ৰশান্ত পাটিলে নিজৰ ভাষ্যত উল্লেখ কৰে যে যিহেতু যিহেতু তদন্তৰ বৰ্তমান ইতি পৰিল, অভিযোগনামা দাখিল কৰা হ'ল। সেয়ে এতিয়া অভিযুক্তক কাৰাগাৰত ৰখাৰ কোনো প্ৰয়োজন নাই।


আৰু পঢ়িব পাৰেঃ অনলাইনত আনিলে শুক্ৰাণু -গৰ্ভধাৰণ কিটঃই-বেবীৰ জন্ম দিলে ব্ৰিটিছ মহিলাই

Next Story
চাকৰি