অনলাইনত আনিলে শুক্ৰাণু -গৰ্ভধাৰণ কিটঃই-বেবী জন্ম দিলে ব্ৰিটিছ মহিলাই

তেওঁ ভাবিছিল যে তেওঁ কেতিয়াও দ্বিতীয় সন্তান জন্ম দিব নোৱাৰিব।
অনলাইনত আনিলে শুক্ৰাণু -গৰ্ভধাৰণ কিটঃই-বেবী জন্ম দিলে ব্ৰিটিছ মহিলাই
Published on: 

এগৰাকী ৩৩ বছৰীয়া ব্ৰিটিছ মহিলাই দ্বিতীয় সন্তানৰ বাবে আগ্ৰহী হৈ অনলাইন প্লেটফৰ্মৰ পৰা শুক্ৰাণু আৰু গৰ্ভধাৰণ কিট ক্ৰয় কৰে।  কিছুদিন পূৰ্বে তেওঁ 'অনলাইন কেঁচুৱা'ৰ জন্ম দিয়ে। 

মহিলাগৰাকীয়ে  এটা কেঁচুৱাৰ এপ দেখা পোৱাৰ পাছত ই-বেবীৰ পৰিকল্পনা কৰে।  সেই অনুসৰি তেওঁ  শুক্ৰাণুৰ অৰ্ডাৰ দিয়ে।  তাৰ পিছতে তেওঁ ই-বেইত গৰ্ভধাৰণ কিট এটা অৰ্ডাৰ দিয়ে ।মহিলাগৰাকীয়ে সফল স্ব-গৰ্ভধাৰণ কৰাৰ আগতে এটা ইউটিউব টিউটোৰিয়েল চাইছিল বুলি জনা গৈছে। মহিলাগৰাকীয়ে তেওঁৰ কেঁচুৱাটোৰ নাম ইডেন ৰাখিছে। ষ্টেফানী টেইলৰ নামৰ এইগৰাকী মহিলাই প্ৰথম চেষ্টাতে গৰ্ভধাৰণ কৰে।  আৰু সময়ত  ইডেনৰ জন্ম দিয়ে। আৰু তেওঁ "অলৌকিক" আৰু "প্ৰকৃত অনলাইন কেঁচুৱা" বুলি বৰ্ণনা কৰিছে।

ইংলেণ্ডৰ টিচাইডৰ বাসিন্দা ষ্টেফানী আচৰিত হৈছিল যেতিয়া তেওঁ জানিব পাৰে যে ব্যক্তিগত উৰ্বৰতা ক্লিনিকৰ মূল্য কিমান আৰু তেওঁ ভাবিছিল যে তেওঁ কেতিয়াও দ্বিতীয় সন্তান জন্ম দিব নোৱাৰিব।

তাৰ পিছত, তেওঁ জাষ্ট এ বেবী এপটো বিচাৰি পাইছিল, য'ৰ পৰা তেওঁ শুক্ৰাণু ক্ৰয় কৰে আৰু ইবেইৰ পৰা গৰ্ভধাৰণ কিট এটা অৰ্ডাৰ দিছিল।

দাতাগৰাকীয়ে নিজৰ পৰিচয় লুকুৱাই ৰাখিব বিচাৰিছিল আৰু কৈছিল, "ষ্টেফানী এগৰাকী আশ্চৰ্যকৰ ব্যক্তি আৰু যদি তেওঁ ভৱিষ্যতে অধিক সন্তান বিচাৰে তেন্তে মই এইটো পুনৰ কৰিবলৈ সুখী হ'ম।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com