নিজৰেই অপহৰণৰ নাটক কৰি গ্ৰেপ্তাৰ তামিল নাডুৰ এজন যুৱক

অপহৰণকাৰীয়ে ব্যক্তি গৰাকীৰ পৰা তেওঁৰ ভতিজাৰ মুক্তিৰ বিনিময়ত মুঠ ১০লাখ টকাৰ দাবী কৰে
নিজৰেই অপহৰণৰ নাটক কৰি গ্ৰেপ্তাৰ তামিল নাডুৰ এজন যুৱক
Published on

নিজৰেই ভুৱা অপহৰণ নাটক ৰচি, খুৰাকৰ পৰা ১০লাখ টকাৰ ধন দাবী কৰি, ৰঙা ঘৰৰ আলহী হৈছে তামিল নাডুৰ এজন ২৭ বছৰীয়া যুৱক আৰু তেওঁৰ ৪বন্ধু।

যোৱা মঙ্গলবাৰে, ৫২ বছৰীয়া, পিয়াঁজৰ বেপাৰী, হাচ্চান দোমোজাত পৰে, কিয়নো পুৱাৰ ভাগতে তেওঁলৈ উদ্দেশ্যি এটা ফোনক'ল আহে, য'ত উল্লেখ কৰা হয় তেওঁৰ ২৭বছৰীয়া ভতিজা হামিদৰ অপহৰণৰ বিষয়ে। অপহৰণকাৰীয়ে ব্যক্তি গৰাকীৰ পৰা তেওঁৰ ভতিজাৰ মুক্তিৰ বিনিময়ত মুঠ ১০লাখ টকাৰ দাবী কৰে। ইয়াৰ লগতে তেওঁলোকে উল্লেখ কৰে যে, তথাসময়ত প্ৰাপ্য নিদিলে হত্যা কৰা হ'ব হামিদক।

ইয়াৰ পাছতেই নিজৰ ভতিজাৰ কুশলাৰ্থে ততাতয়াকৈ হাছান কাষ চাপে টিৰূপাট্টোৰ জিলাৰ আৰক্ষীৰ। টিৰূপাট্টোৰ জিলাৰ আৰক্ষী অধীক্ষৰ বালকৃষ্ণনৰ আদেশ অনুসৰি আৰক্ষীৰ এটি দলে হাছানৰ সৈতে তেওঁক অপহৰণ কাৰীয়ে পইছাৰ সৈতে মাটি পঠিওৱা ঠাই খিনিত গৈ উপস্থিত হয়।

আৰু অপহৰণ কাৰীৰ দলটোক আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ পাছতেই সত্য কাহিনী পোহৰলৈ আহে যে, নিজৰ ৪গৰাকী বন্ধুৰ সৈতে মিলি হামিদ নামৰ যুৱক জনে খুৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ উদ্দেশ্যৰে নিজৰেই ভুৱা অপহৰণৰ নাটক ৰচিছিল। ইয়াৰ পাছতেই হামিদ সহ তেওঁৰ চাৰি বন্ধু ক্ৰমে, মহম্মদ ছিদ্দিকি, পিয়াছ, আবেদ, আফ্ৰিদিক গ্ৰেপ্তাৰ কৰে টিৰূপাট্টোৰ আৰক্ষীয়ে।

সোধ পুচৰ দ্বাৰা এই কথা প্ৰকাশ পায় যে, প্ৰাৰম্ভিনিতে হামিদ আৰু আফ্ৰিদিয়ে হাছানক অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল। বজাৰৰ পৰা উভতি প্লহাৰ পথত হাছানৰ চকুত জলকীয়া গুৰি স্প্ৰে কৰি তেওঁক অপহৰণ কৰাৰ পৰিকল্পনা কৰিছিল দুয়ো অভিযুক্তই। কিন্তু নিদিষ্ট ঠাই খিনিৰ কোনো বহুলতাৰ বাবে এই পৰিকল্পনা সলনি কৰিব লগীয়া হৈছিল। আৰু সেই ৰাতি হামিদ নিজৰ ইচ্ছাৰে ঘৰৰ পৰা ওলাই বন্ধুৰ সৈতে গাড়ীত গৈছিল। আৰু চেন্নাই - বাংগালোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাছানলৈ ধন দাবী কৰি ফোন কৰিছিল।

আৰক্ষীয়ে জনাই যে, হাছানে ধন দিবলৈ অমান্তি প্ৰকাশ কৰা হ'লে তেওঁলৈ পৰিকল্পনা ভাৱে হাছানলৈ হামিদৰ তেজৰ লগা কাটি থোৱা হাতীৰ ফটো প্ৰেৰণ কৰিলে হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com