Begin typing your search above and press return to search.

ভুৱা পাছপৰ্ট সহ গ্ৰেপ্তাৰ দুগৰাকী নাইজেৰিয়ান যুৱক

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ,পৰা উৰা মাৰিবলৈ প্ৰচেষ্টা চলোৱাৰ সময়তে দুয়োগৰাকীক ধৰা পেলাই আৰক্ষীয়ে

ভুৱা পাছপৰ্ট সহ গ্ৰেপ্তাৰ দুগৰাকী নাইজেৰিয়ান যুৱক

NilakshiBy : Nilakshi

  |  8 Dec 2021 8:15 AM GMT

যোৱা মঙ্গলবাৰ, ৭ডিচেম্বৰ ২০২১, তাৰিখে, মহানগৰ আৰক্ষীয়ে গুৱাহাটী, অসমৰ বৰঝাৰ অঞ্চলত স্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (LGBIA) পৰা ভুৱা পাছপৰ্ট সহ গ্ৰেপ্তাৰ কৰিছে দুগৰাকী অবৈধ নাইজেৰিয়ান নাগৰিকক।

তথ্য অনুসৰি, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটীৰ পৰা অবৈধ ভাৱে মুম্বাই দিশে উৰা মাৰিবলৈ প্ৰচেষ্টা চলোৱাৰ সময়তে দুয়োগৰাকী নাইজেৰিয়ান যুৱকক হাতে - লুটে ধৰা পেলাই আজাৰা আৰক্ষীয়ে।

আৰক্ষীয়ে দুয়োগৰাকী নাইজেৰিয়ান নাগৰিকৰ সৈতে বহু সময় ধৰি চলোৱা জেৰাৰ পাছত, দুয়োগৰাকীৰে নাম ফাইচিউচ্ চাইমেজি আৰু আলোহুগ এজা হিচাপে প্ৰকাশ কৰে। আজৰা আৰক্ষীয়ে দুয়োগৰাকী যুৱকক নাইজেৰিয়ান হিচাপে নিজৰ আচল চিনাকী লুকুৱাই অবৈধ ভাৱে অসমত বাস কৰি থকাৰ দোষত আটক কৰিছে।

উল্লেখযোগ্য যে, গ্ৰেপ্তাৰীৰ পাছত আৰক্ষীয়ে দুয়ো গৰাকী নাইজেৰিয়ান যুৱকৰ পৰা উদ্ধাৰ কৰে দুখন ভুৱা পাছপৰ্ট, যাৰ সহায়ত গুৱাহাটী, অসমৰ পৰা মুম্বাইলৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল দুয়ো গৰাকীয়ে। দুয়োখন ভুৱা পাছপৰ্টৰ সৈতে আৰক্ষীয়ে, উদ্ধাৰ কৰা ভাৰতীয় মূল্যৰ প্ৰায় ৩০,০০০/- টকা।

এই কেছৰ অন্য তথ্য বৰ্তমান সমই লৈকে আহি পোৱা নাই। কিয়নো, বৰ্তমান সময় লৈকে মহানগৰ আৰক্ষীয়ে দুয়োগৰাকী নাইজেৰিয়ান যুৱকৰ জেৰা অব্যাহত ৰাখিছে।

নাইজেৰিয়ান নাগৰাকি সকলে অবৈধ ভাৱে অসমত বাহৰ পাতি থকাটো এইয়া প্ৰথম ঘটনা নহয়, ভুৱা তথ্যৰ সৈতে নাইজেৰিয়ান সকলে ভ্ৰমণ কৰাৰ দৰে ঘটনাও প্ৰথম বাৰ সংঘটিত হোৱা নাই। ইয়াৰ পূৰ্বেও লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটীৰ পৰা উদ্ধাৰ কৰা হৈছিল ঠিক একেধৰণে ভুৱা তথ্য সহ ভ্ৰমণ কৰা নাইজেৰিয়াৰ নাগৰিক।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় উদ্যোগিক সংৰক্ষণ বাহিনীৰ (CISF) ৰ দ্বাৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, গুৱাহাটীৰ পৰা আটক কৰা হৈছিল ০৩গৰাকী নাইজেৰিয়ান নাগৰিক। তেওঁলোকৰ নাম অজাকা বেঞ্জামিন অগাদিম্মা, অবিদিম্মা চিওমা প্ৰমিছ আৰু মবাম। এই তিনিগৰাকীক আটক কৰা হৈছিল ভুৱা পাছপৰ্ট বহন কৰাৰ বাবে। পৰবৰ্তী সময়ত উদ্ধাৰ হৈছিল যে এই তিনি গৰাকী ব্যক্তিয়ে অবৈধ ভাৱে ভাৰতত বাস কৰি আছিল যোৱা ২০১৪চনৰ পৰা। তিনিও গৰাকী ব্যক্তিৰ সম্বন্ধ দেশ খনত চলি থকা অবৈধ অপৰাধ সমূহৰ লগত আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল।


আৰু পঢ়ক : শিলচৰত ৰাজবিপ্লৱৰ অভিযোগত আটক অসমীয়া সাংবাদিক


Next Story
চাকৰি