মৃত স্বামীৰ ভস্মৰ স্বাদ নোলোৱাকৈ থাকিব নোৱৰা এগৰাকী মহিলাঃ হতবাক বহুজন

তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গসহ বহুজনে ধাৰণা কৰিছে যে মহিলাগৰাকী কোনো জটিল মানসিক ৰোগত আক্ৰান্ত
মৃত স্বামীৰ ভস্মৰ স্বাদ নোলোৱাকৈ থাকিব নোৱৰা এগৰাকী মহিলাঃ হতবাক বহুজন
Published on

কেছী নামৰ এগৰাকী ব্ৰিটিছ মহিলাই তেওঁৰ মৃত স্বামীৰ ভস্মৰ স্বাদ নোলোৱাকৈ থাকিব নোৱাৰে ৷ ২৬ বছৰীয়া মহিলাগৰাকীৰ বাবে ই এটা আসক্তিত পৰিণত হৈছে ৷ এই কথা তেওঁ নিজৰ পৰিয়ালৰ সদস্যৰ আগত ব্যক্ত কৰাৰ পাচত সকলো হতবাক হৈ পৰিছে ৷ মহিলাগৰাকীয়ে এনে অস্বাভাৱিক আসক্তিৰ বাবে টি এল চিৰ " মাই ষ্ট্ৰেঞ্জ এডিকচন" শীৰ্ষক দৰ্শনীত ভূমুকি মাৰিছে ৷

উল্লেখ্য যে ২০০৯ত কেছী ছীন নামৰ লোকজনৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ ছীনৰ এজমা ৰোগত অকালতে মৃত্যু হয় ৷ তাৰ পাছৰে পৰা কেছীয়ে তেওঁৰ স্বামীৰ ভস্ম অনবৰতে নিজৰ লগত ৰাখে ৷

মাজে-সময়ে তেওঁৰ এই ভস্মৰ স্বাদ লয়। এই কথা পৰিয়ালৰ লোকক অৱগল কৰাৰ লগে লগে তেওঁলোক হতবাক হৈ পৰে ৷ তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গসহ বহুজনে ধাৰণা কৰিছে যে মহিলাগৰাকী কোনো জটিল মানসিক ৰোগত আক্ৰান্ত ৷ " মই য'লৈকে নাযাওঁ কিয়, মই মোৰ স্বামীৰ ভস্ম লৈ যাওঁ ৷ কাৰণ মই তেওঁৰ ভস্মৰ স্বাদ গ্ৰহণ নকৰাকৈ থাকিব নোৱাৰো,'' কেছীয়ে এইদৰে কয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com