Begin typing your search above and press return to search.

বিয়াৰ সাজেৰেই পৰীক্ষাত বহিল ৰাজকোটৰ এগৰাকী মহিলা

পৰীক্ষাত বহিবৰ বাবে বিবাহৰ সকলো পৰম্পৰা স্থগিত ৰাখিলে শিৱাঙ্গীয়ে

বিয়াৰ সাজেৰেই পৰীক্ষাত বহিল ৰাজকোটৰ এগৰাকী মহিলা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-11-24T15:33:53+05:30

বিয়াৰ সাজেৰেই পৰীক্ষাত বহিল ৰাজকোটৰ এগৰাকী মহিলা

সুন্দৰ আঁ - অলংকাৰ, বিয়াৰ ৰঙীন চকুত লগা সাজ পৰিহিতা গুজৰাট ৰাজ্যৰ ৰাজকোটৰ এগৰাকী পৰীক্ষাৰ্থী সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিল। পৰীক্ষাগাৰত উপস্থিত সকলোৰে চকু আছিল কেৱল তেওঁৰ ওপৰত কিয়নো দেখিবলৈ অন্যান্য সুন্দৰী লগাৰ উপৰিও পৰীক্ষাৰ বাবে সাধাৰণতে পৰিধান কৰা সাজতকৈ তেওঁৰ সাজ আছিল পৃথক।

পিছে ইয়াৰ কাৰণ কি? বিয়াৰ সাজে পৰীক্ষাত বহাৰ উদ্দেশ্য কি?


এই ৰহস্যৰ পৰা পৰ্দা উঠাৰ লগে লগেই পৰীক্ষাৰ্থীৰ লগতে শিক্ষক সকলোৰে মনত সন্তোষ জন্মাইছিল।

শিৱাঙ্গী ৱাগঠাৰীয়া, তেওঁ হ'ব লগা স্বামীৰ সৈতে বিএছ দাব্লিওৰ পঞ্চম ষান্মাশিকৰ পৰীক্ষাৰ বাবে পুৱাই আহি উপস্থিত হৈছিল শান্তি নিকেতন মহাবিদ্যালয়ত। পৰীক্ষাৰ চেপা উত্তেজনাৰে ভৰা মহাবিদ্যালয়ৰ চৌহদত আহি ভৰি দিয়াৰ লগে লগেই সকলো পৰীক্ষাৰ্থীৰ দৃষ্টি নিক্ষেপ হৈছিল শিৱাঙ্গীৰ ওপৰত। পৰীক্ষাত বহিবৰ বাবে বিবাহৰ সকলো পৰম্পৰা স্থগিত ৰাখিলে শিৱাঙ্গীয়ে।

পৰীক্ষাৰ অন্তত সংবাদ মাধ্যমৰ আগত তেওঁ জনাই যে, যেতিয়া তেওঁৰ বিবাহৰ দিব ধাৰ্য্য কৰা হৈছিল, তেতিয়া লৈকে পৰীক্ষা সম্বন্ধীয় কোনো ধৰণৰ অধিসূচনা জাৰী কৰা হোৱা নাছিল। কিন্তু আকস্মিক ভাৱে কেৱল সেই দিনটো নহয়, পুৱাৰ ভাগত বিবাহৰ শুভ মূহুৰ্তও পৰীক্ষাৰ লগত একে হ'ল। তেওঁৰ বাবে বিবাহ বা পৰীক্ষা কোনো এটা এটি দিয়াটো সম্ভৱপৰ নাছিল। সেয়ে তেওঁ নিজৰ হ'বলগীয়া শহু - শাহু আৰু নিজৰ পিতৃ - মাতৃৰ সৈতে কথা পাতি বিবাহৰ সময় কিছু পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ভাৱী স্বামী পাৰ্থ পাদালিয়াই তেওঁক পৰীক্ষা গৃহলৈকে থৈ যায় আৰু পৰীক্ষাৰ পাছত সময় মতে গৈ বিবাহৰ বাবে উপস্থিত হয় শিৱাঙ্গী।

নিজৰ শিক্ষাক প্ৰাথমিকতা হিচাপে মনস্থ কৰিছে কইনা গৰাকীয়ে আৰু স্বামী গৃহৰ পৰা তেওঁ পাবলৈ সক্ষম হোৱা সমৰ্থনে সকলোৰে মন জয় কৰিছে।


আৰু পঢ়ক : বকোৰ বন্দৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, চালকৰ সৈতে আন দুগৰাকী নিহত


Next Story