Begin typing your search above and press return to search.

বকোৰ বন্দৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, চালকৰ সৈতে আন দুগৰাকী নিহত

এই দুৰ্ঘটনা সংঘটিত হয় মাল কঢ়িওৱা বাহন আৰু ৰোগী কঢ়িওৱা টাটা ছুম'ৰ মাজত

বকোৰ বন্দৰপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, চালকৰ সৈতে আন দুগৰাকী নিহত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Nov 2021 10:02 AM GMT

যোৱা মঙ্গলবাৰে, নিশাৰ ভাগত দক্ষিণ কামৰূপৰ বকোৰ বন্দাপাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনা সংঘটিত হয় মাল কঢ়িওৱা বাহন আৰু ৰোগী কঢ়িওৱা টাটা ছুম'ৰ মাজত। তথ্য অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাত বপ্ৰান হেৰুৱাইছে ৰুকচানা আহমেদ নামৰ এগৰাকী মহিলাই। ইয়াৰোপৰি দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন দুগৰাকী ব্যক্তি।

পৰবৰ্তী সময়ত সংকটজনক অৱস্থাত দুয়ো গৰাকী আগত ব্যক্তিক ততাতৈয়াকৈ ধুপধৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু ইয়াৰ পাছতে দুয়োকে পৰীক্ষা কৰা চিকিৎসকৰ দলটিয়ে দুয়োকে মৃত হিচাপে ঘোষণা কৰে৷ দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ চালক গৰাকী নাম আছিল চামচুল আলম। দূৰ্ঘটনাত প্ৰাণ হেৰুৱায় দুই গৰাকীৰ এগৰাকী হৈছে এই বাহন সালোক গৰাকী।

জানিবলৈ পোৱা মতে দুৰ্ঘটনাত থিতাতে নিহত হোৱা মহিলা, ৰুকচানা আহমেদৰ ঘৰ যোগীঘোপাৰ চলন্তপাৰাত। আনহাতে নিহত চালক চামচুল আলম আৰু আনজন লোক মাহমুদ আলমৰ ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ লেজাম গাঁৱত বুলি জানিব পৰা গৈছে৷

গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্ছিং হোমৰ পৰা ৰোগী লৈ ঘৰলৈ ওভতাৰ পথত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা ছুম'খনৰ নম্বৰ হল AS 18B 5774 আৰু কণ্টেইনাৰখনৰ নম্বৰ NL O1AE 3394।

এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল কিছু দিন পূৰ্বে কৰিমগঞ্জ জিলাত। এই দূৰ্ঘটনাত চট পূজা নিয়মাৱলী পালন কৰি ঘূৰি অহা যাত্ৰীবাহী অটোৰিক্সাখন খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন চিমেণ্ট কঢ়িওৱা ট্ৰাকে।


আৰু পঢ়ক : বিয়াৰ সাজেৰেই পৰীক্ষাত বহিল ৰাজকোটৰ এগৰাকী মহিলা


Next Story
চাকৰি