আৰ্জেন্টিনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভাগ ল’লে "য়োগা ফৰ শীৰ্ষক অনুষ্ঠানত"

আৰ্জেন্টিনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভাগ ল’লে "য়োগা ফৰ শীৰ্ষক অনুষ্ঠানত"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সততে দেশ বিদেশ ভ্ৰমণ কৰি চৰ্চাৰ শীৰ্ষত থাকে ৷এইবাৰ প্ৰধানমন্ত্ৰী মোডী উৰা মাৰিলে আৰ্জেন্টিনালৈ৷ ১৩ সংখ্যক জি -২০ শীৰ্স সন্মিলনত অংশগ্ৰহণৰ বাবে আৰ্জেন্টিনাত উপস্থিত আছে প্ৰধানমন্ত্ৰী মোডী৷এক বিশেষ সূত্ৰৰ অনুসৰি প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে এক বৈঠকত অংশ লয় ৷লগতে,প্ৰধানমন্ত্ৰী মোডীয়ে চাউদী আৰবৰ প্ৰিন্স মোহম্মদ বিন চলমান আৰু সংযুক্ত ৰাষ্ট্ৰৰ মহাসচিব এন্ট’নিঅ’ গুতাৰেচৰ লগত এখন মহত্বপূৰ্ণ বৈঠকত ভাগ লয় ৷ ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ এখন বৈঠকটো অংশ লোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে আৰ্জেন্টিনাৰ "য়োগা ফৰ পিছ" শীৰ্ষক এক অনুষ্ঠানত অংশ লয় ৷

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com