কোটি পতিৰে ভৰি পৰিছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ৰণভূমি

কোটি পতিৰে ভৰি পৰিছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ৰণভূমি

মিজোৰামত ২৮ নৱেম্বৰত হ’ব লগা বিধানসভা নিৰ্বাচনত কংগ্ৰেছক ওফৰাবলৈ কৰিবলৈ উঠি পৰি লাগিছে MNF য়ে অৰ্থাৎ মিজো নেশ্যনেল ফ্ৰন্টয়ে। মুঠ ২০৯ জন প্ৰাৰ্থীৰ ভিতৰত ৯ জনেই আদালতত বিভিন্ন গোচৰত তেওলোকৰ বিৰুদ্ধে গোচৰ চলি আছে ৷ ADR অৰ্থাৎ এছোচিয়েশ্যন ফ’ৰ ডেম’ক্ৰেটিক ৰাইটছে প্ৰকাশ কৰা অনুসৰি মিজোৰাম বিধানসভা নিৰ্বাচনৰ অধিকসংখ্যকেই কোটিপতি ৷

এই তথ্যই সম্প্ৰতি চাঞ্চ্যলৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত ৷ অন্যহাতে, দা মিজো নেশ্যনেল ফ্ৰন্টৰ প্ৰায় ৪০ জনৰ ভিতৰত ৩৫ জন, কংগ্ৰেছৰ ৪০ জনৰ ভিতৰত ৩৩,ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ বিজেপিৰ ৩৯ জন প্ৰাৰ্থীৰ ভিতৰত ১৭ জন প্ৰাৰ্থীৰ কোটি টকাৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰিছে৷ মিজোৰাম বিধানসভাৰ অধিকসংখ্যক প্ৰাৰ্থীৰ সম্পত্তিৰ তালিকা ৩.১১ কোটি টকাৰ ৷

অন্যহাতে,২০১৩ চনৰ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ১৪২ জন প্ৰাৰ্থীৰ সম্পত্তিৰ তালিকা আছিল ২.৩১ কোটি টকা ।ইফালে নিৰ্বাচনৰ কাৰণে প্ৰতিদ্বন্দিতা কৰা আগবঢ়োৱা ২০৯ জন প্ৰাৰ্থীৰ ভিতৰত ৯ জনৰ বিৰুদ্ধে আদালতত মোকদৰ্মা চলি আছে ৷নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে, প্ৰায় ৬০ জন প্ৰাৰ্থীৰ ভিতৰত এজন নিৰক্ষৰ প্ৰাৰ্থীৰ লগতে আছে কেৱল পঞ্চম শ্ৰেণী উৰ্ত্তীৰ্ণ প্ৰাৰ্থীও ৷ ইয়াৰ বিপৰীতে প্ৰায় ১৪২ জন প্ৰাৰ্থী স্নাতকৰ লগতে উচ্চ শিক্ষাৰে শিক্ষিত। উল্লেখয যে,প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত মাত্ৰ ১৮ গৰাকী অৰ্থাৎ ৯ শতাংশ মহিলা প্ৰাৰ্থী ৷

অন্য খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com