দ্বিতীয়টো কাৰ্য্যকালৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কে চন্দ্ৰ শেখৰ ৰাওৰ

দ্বিতীয়টো কাৰ্য্যকালৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কে চন্দ্ৰ শেখৰ ৰাওৰ
Published on

সদ্যসমাপ্ত তেলেংগানা বিধান সভা নিৰ্বাচনত চমকপ্ৰদ বিজয় সাব্যস্ত কৰা তেলেংগানা ৰাষ্ট্ৰ সমিতি চমুকৈ টিআৰএচৰ মুৰব্বী কে চন্দ্ৰ শেখৰ ৰাৱে আজি তেলেংগানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপন গ্ৰহণ কৰে। হাইদৰাবাদৰ ৰাজভবনত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যখনৰ ৰাজ্যপাল ই এছ এল নৰছিমহানে মুখ্যমন্ত্ৰী হিচাপে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই কে চন্দ্ৰ শেখৰ ৰাওক।

ৰাজ্যখনত কেচিআৰ হিচাপে জনপ্ৰিয় কে চন্দ্ৰ শেখৰ ৰাৱে ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে তেলেংগানাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিলে।সদ্য সমাপ্ত বিধান সভা নিৰ্বাচনত তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে ১৯৯ খন আসনৰ ভিতৰত অকলে ৮৮ খন আসন দখল কৰি একক সংখ্যা গৰিষ্ঠ দল হিচাপে পৰিগণিত হয়।তেলেংগানাত কংগ্ৰেছ, বিজেপি, টিডিপি আদি ৰাজনৈতিক দলে কোনো ধৰণৰ প্ৰত্যাহবান আগবঢ়ব নোৱাৰিলে। তেলেংগানাৰ জনসাধাৰণে কেচিআৰৰ বিজয়ত উল্লাসিত হৈ পৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com