মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি মাজুলী বিজেপিৰ দখলত। জিলা পৰিষদ, আঞ্চলিক পৰিষদ সকলোতে বিজেপিৰ দপদপনি। মাজুলীৰ ৪ টা জিলা পৰিষদৰ আটাইকেইটাতে বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। ২০ টা আঞ্চলিক পৰিষদৰ ১৯ টাত বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে আৰু ১ টাত অগপই জয়ী হৈছে। ২০ খন গাঁও পঞ্চায়তৰ ১৯ খন পঞ্চায়ত বিজেপিৰ দখলত আৰু মাত্ৰ এখন গাঁও পঞ্চায়ত দখল কৰিছে কংগ্ৰেছে।
অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ