মহানগৰীত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা ৷ ৪০ বয়সীয়া এজন ব্যক্তিৰ ৰহস্যজনক মৃত্যু হয় ৷ বিয়লি ১.১৫ বজাত সংঘটিত এই ঘটনা। মেঘদূত ভৱনৰ ওপৰৰপৰা জপিয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । অন্যহাতে, এতিয়াও চিনাক্ত কৰিব পৰা নাই মৃতদেহটো।
পানবজাৰ থানাই GMCH লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৃতদেহটো । নীলা চুৱেটাৰ আৰু খাকী পেন্ট পৰিধান কৰি আছিল মৃত লোকজনে। আৰক্ষীয়ে পকেটত কোনো কাগজ পত্ৰ পোৱা নাই। যদিও ৫০০ টকাৰ নোট এটি পোৱা গৈছে মৃত ব্যক্তিজনৰ পকেটৰ পৰা ।
অন্য খবৰৰ বাবে পঢ়ক: ব্ৰেকিংনিউজ