সাময়িক ভাবে স্থগিত সদৌ অসম নাৰ্চ সন্থাৰ কৰ্মবিৰতি

সাময়িক ভাবে স্থগিত সদৌ অসম নাৰ্চ সন্থাৰ কৰ্মবিৰতি

বহু উত্থান-পতন, আলাপ-আলোচনাৰ অন্তত সদৌ অসম নাৰ্চ সন্থাই কৰ্ম বিৰতি সাময়িক ভাবে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি ভাগৱতী প্ৰসাদ ভৱনত অনুষ্ঠিত সংবাদ মেলত এই কথা ঘোষণা কৰে সদৌ অসম নাৰ্চ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে। ইতিমধ্যে আন্দোলনৰ সময়ত চৰকাৰৰ লগত তিনিলানি বৈঠক অনুষ্ঠিত হৈছিল। কালি অনুষ্ঠিত হোৱা বৈঠকত নাৰ্চ সন্থাৰ তৰফৰ পৰা ৯ গৰাকী নাৰ্চ উপস্থিত আছিল। ডিচেম্বৰৰ ৪ তাৰিখে পুনৰ চৰকাৰৰ লগত মিলিত হব আন্দোলনকাৰী নাৰ্চ সকল। সেই আলোচনাৰ পিছত আন্দোলন কেনে ধৰণৰ হব নে সম্পুৰ্ণ বাতিল কৰা হব সিদ্ধান্ত গ্ৰহণ কৰা হব। সদ্যহতে সদৌ অসম নাৰ্চ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে দিনৰ দুই বজাৰ পৰা সাময়িক ভাবে আন্দোলন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ ৰাইজক মন্ত্ৰীয়ে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে আন্দোলনকাৰী নাৰ্চ সকলে।

অধিৰ খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com