'কেদাৰনাথ' টিজাৰ: চাৰা আলী খানক দেখা পোৱা গ'ল হবহু মাতৃ অমৃতা সিংৰ ৰূপত

'কেদাৰনাথ' টিজাৰ: চাৰা আলী খানক দেখা পোৱা গ'ল হবহু মাতৃ অমৃতা সিংৰ ৰূপত

বলীউডৰ এসময়ৰ মোহময়ী অভিনেত্ৰী অমৃতা সিং আৰু শ্বেইফ আলী খানৰ কন্যা চাৰা আলী খানৰ প্ৰথম খন ছবি "কেদাৰনাথ" টিজাৰ মুকলি পালে ।ছবি খনত চাৰাৰ সৈতে অভিনয়ত থাকিব সুশান্ত সিং ৰাজপুত । কিন্তু ছবি খনৰ টিজাৰ মুক্তিৰ পিছত সকলো আচৰিত হৈ পৰিল আৰু ঘূৰি গ'ল ১৯৮০লৈ ,কিয়নো চাৰা খানৰ এইখন প্ৰথম ছবি আৰু ছবি খনৰ কেইবাটা অংশত চাৰাক হুবহু মাতৃ তথা ১৯৮০ৰ অভিনেত্ৰী অমৃতা সিংৰ দৰে ৰূপত দেখা পোৱা গ'ল ।

তলত প্ৰকাশ কৰা ফটো কেইখনত দেখা পোৱা অনুসৰি চাৰাই পৰিধান কৰিছে হালধীয়া ৰঙৰ সাজৰ সৈতে ফুলকাৰী দুপাত্তা । চাৰাৰ কেৱল হাঁহিয়েই নহয়,তাৰোপৰি অমৃতাৰ আগৰ স্মৃতি তথা অমৃতাৰ প্ৰথম ছবি ববী দেউলৰ লগত কৰা 'বেটাব' ছবি খনৰ কথাও মনলৈ আহি পৰিছে । তলত ছবি খনৰ টিজাৰ আৰু চাৰা কিছু ফটো প্ৰকাশ কৰা হ'ল…………

ছবি খনৰ টিজাৰ

https://www.youtube.com/watch?v=uWD2eQOQ3U8

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com