ব্ৰহ্মাস্তৰ লগত সকলো কলা কুশলী আন্তৰিকতাৰে জৰিতঃ বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰ

ব্ৰহ্মাস্তৰ লগত সকলো কলা কুশলী আন্তৰিকতাৰে জৰিতঃ বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰ

বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ ছবি ব্ৰহ্মাস্তৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ৰনবীৰ কাপুৰে কয় যে ছবিখনৰ পৰিচালক আয়ান মুখাৰ্জীয়ে এই ছবিখনৰ কাৰণে কঠোৰ শ্ৰম কৰিছে ৷ ছবিখনৰ কাৰণে জীৱনৰ সমস্তখিনি অৰ্পন কৰিছে ৷বিগত ছয়বছৰৰ পৰা ছবিখনৰ কাম কৰি থকা হৈছে ৷আৰু ছবিখনৰ প্ৰত্যেকজন ব্যক্তি ছবিখনৰ লগত অতি আন্তৰিকতাৰে জৰিত হৈ আছে ৷

ইফালে প্ৰথম বাৰৰ কাৰণে ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টক একেখন স্কীণত চাবলৈ অধীৰ আগ্ৰহেৰে বাটচাই আছে ছবিখন অনুৰাগীসকল ৷ সদ্যহতে ছবিখনৰ মুক্তিৰ দিন ২০২০ লৈ আগবঢ়াই নিছে। ছবিখনত ৰনবীৰ কাপুৰ,আলিয়া ভাট্টৰ উপৰিও মৌনি ৰয়,অমিতাভ বচ্চন,অক্কিনী নাগাৰ্জুনাই অভিনয় কৰিছে ৷ অন্যহাতে সদ্যহতে ৰনবীৰ আৰু আলিয়াৰ প্ৰেম চৰ্চাত আছে ৷

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে সম্প্ৰতি ছুইজাৰলেণ্ডত আজৰি সময় অতিবাহিত কৰিছে। কিন্তু সম্প্ৰতি আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে অনতিপলমে বিবাহ পাশত আৱদ্ধ হ’ব বুলি ওলোৱা খবৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ কিন্তু ছুপাৰষ্টাৰ দুয়োজনৰ এই খবৰ আলিয়া ভাট্টৰ মাতৃ সো’নী ৰাজদানে খণ্ডন কৰি কয় যে এই বাতৰি সম্পূৰ্ণ মিছা ৷

ইফালে আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ বিয়াৰ খবৰ নতুন কথা নহয় ৷পূৰ্বতেও এনেধৰণৰ খবৰ নসাৎ কৰিছে সোনী ৰাজদানে ৷ ইফালে কিছুদিন পূৰ্বে ঋষি কাপুৰ ৰনবীৰ কাপুৰৰ বিয়াৰ কাৰণে অনতি পলমে ভাৰতলৈ অহাৰ কথা উল্লেখ কৰাৰ পিছত সংবাদ মাধ্যমত চৰ্চা লাভ কৰে ৰনবীৰ আৰু আলিয়াৰ বিয়াৰ প্ৰসংগই ৷এক সাক্ষাৎকাৰত সোনী ৰাজদানে কয় যে বলীউডত আলিয়াই ১৯ বছৰ বয়সতে পদাৰ্পন কৰিলে ৷ মই আলিয়াক প্ৰায়ে কওঁ যে জীৱনৰ লগত জৰিত যিকোনো সিদ্ধান্ত ল’বলৈ তুমি বহুত সৰু ৷কিন্তু মোৰ অনুভৱ হয় যে যদি বিয়াৰ কাৰণে যদি তুমি উপযুক্ত ব্যক্তি লাভ কৰা তেন্তে বিবাহ পাশত আৱদ্ধ হ’ব লাগে ৷

কিন্তু এইসমূহ সিদ্ধান্ত ল’বলৈ জীৱনত সাৱধানতাৰে আগবাঢ়িব লাগে ৷ অন্যহাতে,আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ এই সম্পৰ্কটোৰ সন্দৰ্ভত কোনো কথা নুলুৱাকৈ বিস্তাৰিত ভাৱে প্ৰকাশ কৰে আলিয়া ভাট্টৰ পিতৃ মহেশ ভাট্টে ৷মহেশ ভাট্ট এটি সাক্ষাৎকাৰত কৰে যে ভৱিষ্যতে তেওঁলোকৰ যি সিদ্ধান্ত হ’ব পিতৃ মহেশ ভাট্ট তেওঁলোকৰ লগত সদায় আছে ৷ উল্লেখ্য যে আলিয়া ভাট্টে এই বৰ্ষৰ নৱবৰ্ষৰ পাৰ্টি নীতু সিং আৰু ঋষি কাপুৰৰ লগত চেলীব্ৰেট কৰে ৷

অন্যহাতে,বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সম্প্ৰতি সৰ্বজন বিদিত ৷ শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

ৰনবীৰ কাপুৰৰ সন্দৰ্ভত আলিয়াই কয় যে ৰনবীৰে অভিনেত্ৰী গৰাকীক পৃথক অনুভৱ কৰোৱাই। ৰনবীৰৰ পৰা বহুত কথা শিকিবলৈ পায় আলিয়াই ৷ সেয়া লাগিলে এজন অভিনেতা ৰূপতেই হওক বা এজন ব্যক্তি ৰূপতেই হওক ৷ ৰনবীৰৰ লগত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিত অভিনয় কৰাৰ সন্দৰ্ভত আলিয়া ভাট্টে কয় যে ৰনবীৰক এজন অভিনেতাৰ ৰূপত আলিয়াই বহু ভাল পায় ৷ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com