Begin typing your search above and press return to search.

"পেশীবহুল তাপসী" - ইতি টুইটাৰ ব্যৱহাৰকাৰী

মুক্তিৰ অপেক্ষাত অভিষেক বেনাৰ্জী অভিনীত নতুন ছবি "ৰশ্মি ৰকেট"।

পেশীবহুল তাপসী - ইতি টুইটাৰ ব্যৱহাৰকাৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2021 8:59 AM GMT

সম্প্ৰতি মুক্তিৰ অপেক্ষাত আছে অভিষেক বেনাৰ্জী অভিনীত নতুন ছবি "ৰশ্মি ৰকেট" । ছবিখনত অভিষেকৰ লগতে অভিনয়ত আছে জনপ্ৰিয় অভিনেত্ৰী তাপসী পন্নু, যাক দেখিবলৈ পোৱা যাব মুখ্য চৰিত্ৰ ৰশ্মিৰ ভূমিকাত।

এটি শেহতীয়া সাক্ষাৎকাৰত অভিনেতা অভিষেক বেনাৰ্জীয়ে প্ৰকাশ কৰে যে, ছবিখনৰ প্রমোচনৰ সময়ত তুইটাৰ যোগে বহু ট্ৰলৰ সন্মুখীন হৈছিল অভিনেত্ৰী তাপসী পন্নু। বহু লোকে তুইটাৰত অভিনেত্ৰী গৰাকীক "বহু বেছি পেশীবহুল" বুলি সম্বোধন কৰিছিল। তেওঁ কয় যে ছবিখনত তাপসীয়ে যিধৰণৰ মন্তব্যৰ সন্মুখীন হৈছে, ঠিক একে এক পৰিস্থিতিৰ সন্মুখীন তেওঁ প্ৰকৃত জীৱনটো হ'বলগীয়া হৈছিল।

"মই আচৰিত হৈছিলোঁ। ভাবি পোৱা নাছিল সেইয়া সঁচাকৈয়ে হৈ আছে নে কোনো প্ৰমোচনেল স্তান্ট। ছবি খনত ইশিত নামৰ চৰিত্ৰটোৱে ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। কিন্তু বাস্তৱত আমি সকলোৱে বিৰোধিতা কৰা উচিত", অভিনেতা গৰাকীয়ে কয়।

"ৰশ্মি ৰকেট" আকৰ্শ খোৰানা নিৰ্দেশিত ছবি। ইয়াৰ কাহিনী আধাৰিত হৈছে এখনি সৰু গাঁৱৰ পৰা আহি বিশ্ব দৰবাৰত নিজৰ নাম জিলিকাবলৈ সক্ষম হোৱা এজনী ছোৱালীৰ। কিন্তু, তাইৰ জীৱনত নাটকীয় পৰিৱৰ্তন আহিছিল যেতিয়া তাইক লিংগী নিৰ্ধাৰণ পৰীক্ষণৰ বাবে মাতি পঠিওৱা হয়।

ছবিখন মুক্তি পাবলৈ গৈ আছে অহা ১৫অক্টোবৰত ডিজিটেল প্লেটফৰ্ম জি ৫ যোগে।

আৰু পঢ়িব পাৰেঃ শ্বাহৰুখ খানৰ সকলো বিজ্ঞাপনৰ সম্প্ৰচাৰ বন্ধ কৰাৰ সিদ্ধান্ত বাইজু"ৰ

Next Story
চাকৰি