Begin typing your search above and press return to search.

ফ'বৰ্ছৰ তালিকাত বলিউডৰ একমাত্ৰ অভিনেতা অক্ষয় কুমাৰ

চলিত বৰ্ষৰ মেলৈকে তেওঁ এটা পঞ্জিকা বৰ্ষত ৭০০ কোটি টকা আয় কৰে।

ফবৰ্ছৰ তালিকাত বলিউডৰ একমাত্ৰ অভিনেতা অক্ষয় কুমাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Aug 2020 10:44 AM GMT

মাৰ্কিন বাণিজ্য ধৰ্মী আলোচনী ফ'বৰ্ছে বিশ্বৰ সৰ্বোচ্চ পাৰিশ্ৰমিক লাভ কৰা অভিনেতাসকলৰ এখন তালিকা প্ৰকাশ কৰিছে। ২০২০ৰ এই তালিকাত স্থান লাভ কৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰেও। লক্ষ্যণীয় যে ফ'বৰ্ছৰ তালিকাত স্থান লাভ কৰা বলিউদৰ একমাত্ৰ অভিনেতাজন হৈছে অক্ষয়। এই তালিকা অনুসৰি অক্ষয়ে পাৰিশ্ৰমিকৰূপে ৩৬২কোটি টকা অৰ্জন কৰে।

তেওঁ ১০ জনীয়া তালিকাখনৰ ষষ্ঠ স্থান অধিকাৰ কৰিছে। তেওঁ এই ধন ঘাইকৈ মাল্টি ভিটামিনৰ পৰা শৌচাগাৰ-প্ৰস্ৰাৱগাৰ পৰিষ্কৰণত ব্যৱহৃত সঁজুলিৰ বিজ্ঞাপনৰ পৰা আয় কৰে। সম্প্ৰতি তেওঁ এমাজন প্ৰাইমৰ দ্যা এণ্ডৰ কাম কৰি আছে। চলিত বৰ্ষৰ মেলৈকে তেওঁ এটা পঞ্জিকা বৰ্ষত ৭০০ কোটি টকা আয় কৰে। আনহাতে, ফ'বৰ্ছৰ এই তালিকাত সৰ্বোচ্চ স্থান দখল কৰে ডায়ান জনছনে।

Next Story
চাকৰি