Begin typing your search above and press return to search.

অনামিকা আঙুলিত নতুন আঙঠি আলিয়া ভাটৰ

ইনষ্টাগ্ৰাম যোগে আপলোড কৰা ফটোখনত অভিনেত্ৰী গৰাকীৰ অনামিকা আঙুলিত প্ৰত্যক্ষ কৰা হৈছে ৮ সংখ্যা খোদিত এটি আঙঠি

অনামিকা আঙুলিত নতুন আঙঠি আলিয়া ভাটৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-11-01T13:54:54+05:30

যোৱা দেওবাৰৰ ৩১অক্টোবৰত এখন নতুন ফটোৰে অনুৰাগী সকলক আমোদ যোগালে অভিনেত্ৰী আলিয়া ভাটে। উক্ত ফটো খনত আলিয়াৰ বাওঁ হাতীৰ দুই আঙুলিত দেখিবলৈ পোৱা গৈছে দুটি নতুন সোণ বৰণীয়া আঙুঠি, তাৰে এটাত খোদিত হৈ আছে ইংৰাজী ভাষাত ৮ সংখ্যাটো। ৮ হৈছে অভিনেতা ৰণবীৰ কাপুৰৰ প্ৰিয় সংখ্যা, ফুটবল খেলাৰ সময়ত অভিনেতাগৰাকীক প্ৰায়ে দেখিবলৈ পোৱা ৮ নম্বৰৰ জাৰ্চী পৰিধান কৰা। ফটোখনত অভিনেত্ৰী গৰাকীয়ে এখিলা পাটৰ সহায়ত লুকুৱাই ৰাখিছে নিজৰ মুখমণ্ডল। জনপ্ৰিয় অভিনেতা আয়ুষ্মান খুৰানা আৰু আলিয়া ভাটৰ মাতৃ চনী ৰাজদানে প্ৰশংসা কৰিছে এই ফটোখনৰ।

ৰণবীৰ আৰু আলিয়াৰ প্ৰেম :

যোৱা ২৮ ছেপ্টেম্বৰত যোধপুৰত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে একেলগে উদযাপন কৰে ৰণবীৰ কাপুৰৰ জন্মদিন। দীৰ্ঘ সময় যোৰা এই প্ৰেমৰ সম্পৰ্কই অচিৰেই বিবাহৰ পাতনি মেলিব বুলিওঁ জানিবলৈ পোৱা গৈছে। দেওবাৰে ইনষ্টাগ্ৰাম যোগে আপলোড কৰা ফটোখনত অভিনেত্ৰী গৰাকীৰ অনামিকা আঙুলিত প্ৰত্যক্ষ কৰা হৈছে ৮খোদিত এটি আঙঠি। ফটো খনৰ শিৰোনামত অভিনেত্ৰী গৰাকীয়ে লিখিছে, "দা লিটল ঠিংছ" অৰ্থত এই সৰু সৰু বস্তুবোৰ, আৰু তাৰ লগতে সংলগ্ন কৰিছে এখিলা পাতৰ ইমজি।




আয়ুস্মান খুৰানা আৰু চনী ৰাজদানৰ কমেণ্ট :

উক্ত ফটোখনৰ প্ৰসঙ্গ কৰিছে অভিনেতা আয়ুষ্মান খুৰানা আৰু অভিনেত্ৰী গৰাকীৰ মাতৃ চনী ৰাজদানে। কমেন্ট বক্সত আয়ুষ্মানে লিখিছে, "এই ছবিখন বিশুদ্ধ ক'লা ( ডিচ পিকচাৰ ইছ পিয়ৰ আৰ্ট)", যাৰ প্ৰত্যুত্তৰত অভিনেত্ৰী গৰাকীয়ে তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছে।



অভিনেত্ৰী গৰাকীৰ মাতৃয়ে লিখিছে, "তোমাক ভাল লাগে (লাইক ইউ)" আৰু লগত সংলগ্ন গুলপীয়া হৃদয়ৰ ইমজি।



ৰণবীৰ আৰু আলিয়াৰ বিয়া :

ৰাজীৱ মছন্দৰ সৈতে অনুষ্ঠিত হোৱা এটি সাক্ষাৎকাৰ যোগে অভিলিনেত ৰণবীৰ কাপুৰে ব্যক্তি কৰিছিল যে, তেওঁ আৰু আলিয়া ভাটে ২০২০ চনতে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু ক'ৰণাৰ মহামাৰীয়ে বিভ্ৰান্তি ৰূপ লোৱা হেতুকে এই পৰিকল্পনা আনিদিষ্ট কাললৈকে স্থগিত কৰিব লগীয়া হয়। ৰণবীৰে নিজৰ ভাষ্যৰত কৈছিল, "ক'ৰণাৰ বাবে পৰিস্থিতি সমূহ অনিয়ন্ত্ৰিত নোহোৱা হ'লে আমি কেতিয়াবাই এক হ'লোঁ হয়। মই এয়ে ক'ব বিচাৰো যে জীৱনৰ এই উদ্দেশ্যত মই অতি সোনকালে টিক মাৰ্ক লগাব বিচাৰোঁ"।

দুয়োগৰাকী অভিনেতাৰ প্ৰেমৰ সম্পৰ্কই ইতিমধ্যে ৪বছৰ সম্পূৰ্ণ কৰিলে। বহুতো অনুষ্ঠানত বহু বাৰ দুয়োকে একেলগে দেখিবলৈ পোৱা যায়। আয়াণ মুখাৰ্জী নিৰ্দেশিত ছবি "ব্ৰহ্মাস্ত্ৰ" যোগে ৰূপালী পৰ্দাত দুয়োকে প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব একেলগে।


আৰু পঢ়িব পাৰেঃ নতুন হিন্দী ছবি "তড়প"ঃ মুক্তি আৰু অন্যান্য তথ্য

Next Story