Begin typing your search above and press return to search.

স্বামী মিলিন্দ সোমনৰ ৫৬সংখ্যক জন্মদিনত অংকিতা কোঁৱৰৰ হৃদয়স্পৰ্শী বাৰ্তা

" মোৰ অস্তিত্বৰ সকলো উৎসৰে মই তোমাৰ ভাল পাওঁ। আশা কৰো তুমি মনে বিচৰা ধৰণে সুখী হোৱা।"

স্বামী মিলিন্দ সোমনৰ ৫৬সংখ্যক জন্মদিনত অংকিতা কোঁৱৰৰ হৃদয়স্পৰ্শী বাৰ্তা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2021 9:27 AM GMT

বৃহস্পতিবাৰ, ০৪ নৱেম্বৰত অভিনেতা তথা ছুপাৰ মডেল মিলিন্দ সোমনে সম্পূৰ্ণ কৰিলে জীৱনৰ ৫৬টা বসন্ত। অভিনেতাগৰাকীৰ জন্মদিন উপলক্ষ্যে অনুৰাগীসকলে টুইটাৰ যোগে জ্ঞাপন কৰিলে জন্মদিনৰ বহু শুভ কামনা। এই সুযোগতে অভিনেতাগৰাকীৰ পত্নী অংকিতা কোঁৱৰে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে টুইটাৰ যোগে প্ৰেৰণ কৰিলে এক হৃদয়স্পৰ্শী বাৰ্তা।

দুয়োৰে সুন্দৰ ফটোৰ সৈতে অংকিতাই লিখিলে, "মোৰ জীৱনৰ প্ৰেমলৈ জন্মদিনৰ শুভ কামনা। মোৰ বাবে তোমাৰ জ্যোতি হাজাৰটা প্ৰজ্বলিত সূৰ্য্যৰ মহানতাৰ দৰে, তুমি মোৰ বুকুত বাজিন্থকা এটি গান। মাজৰাতিৰ সাগৰ খনৰ দৰেই তোমাৰ অনুৰাগ, প্ৰতিটো প্ৰতিঘাত প্ৰত্যাখ্যান কৰি লক্ষ্যত উপনীত হোৱা তোমাৰ উৎসাহ, নিজকে প্ৰতি পল অভিৰোচন কৰি ৰখা দৃঢ়তা, আৰু জীৱনৰ প্ৰতি তোমাৰ ভালপোৱা, এই সকলো কোনো তপত কৈ কম নহয়" (Happy birthday to the love of my life. To me, you are the glory of a thousand suns, the song that sings right to my heart. You possess the passion of a midnight ocean, the zeal to complete new challenges, the determination to keep yourself motivated, and a kind of love for life that is nothing short of meditation)। ইয়াৰ লগতে তেওঁ যোগ কৰে, "মোৰ অস্তিত্বৰ সকলো উৎসৰে মই তোমাৰ ভাল পাওঁ আৰু মই আশা কৰি তুমি মনে বিচৰা ধৰণে সুখী হোৱা" (Love you with every little molecule of my existence and I wish you all the happiness that you deserve)।

এনে ধৰণৰ প্ৰেম সঁচাকৈয়ে স্বৰ্গ সদৃশ। অংকিতাৰ এই বাৰ্তাই চুই গৈছে সকলোৰে হৃদয়। তেঁওৰ বার্তাই প্ৰকাশ কৰিছে মিলিণ্ড সোমনৰ প্ৰতি থকা তেওঁৰ অকৃত্ৰিম ভালপোৱা।

ইনষ্টাগ্রামৰ নিজৰ পোষ্টত স্বামী লৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আন সকলোলৈকে দেৱালিৰ শুভ কামনা জনাইছে অংকিতাই।



মিলিণ্ড সোমন কেৱল এগৰাকী মডেল আৰু অভিনেতা নহয়। ফিটনেছ জগতত বহুতৰে আদৰ্শ সদৃশ বিশিষ্ট ব্যক্তি গৰাকী। তেওঁৰ মাতৃ উষা সোমনো শৰীৰ চৰ্চাৰ প্ৰতি অতিকৈ সক্ৰিয়। অভিনেতা গৰাকীৰ বছৰি আয় হৈছে প্ৰায় ১৫,৪০০লাখ টকা।

আৰু চাব পাৰেঃ সমগ্ৰ শিক্ষা অভিযান, অসমত ৫৫টা পদ খালী

Next Story
চাকৰি