Begin typing your search above and press return to search.
বিদ্যুৎ জামৱাল আৰু নন্দিতা মাহতানিৰ এংগেজমেণ্ট
বিবাহৰ বান্ধোনেৰে এক হ'বলৈ গৈ আছে অভিনেতা বিদ্যুৎ জামৱাল আৰু নন্দিতা মাহতানি।

বলিউডৰ অন্যতম জনপ্ৰিয় অভিনেতা বিদ্যুৎ জামৱাল বিবাহৰ বান্ধোনেৰে বান্ধ খাবলৈ গৈ আছে প্ৰেমিকা ফেশ্যন ডিজাইনাৰ নন্দিতা মাহতানি সৈতে।
কিছু দিনৰ আগৰে পৰাই দুয়োৰে মাজৰ এই সম্পৰ্ক সকলোৰে মাজত আলোচনাৰ শীৰ্ষ বিষয় আছিল। চচিয়েল মিডিয়াত প্ৰকাশ পোৱা দুয়োৰে যুটিয়া ফটোৱে সকলোৰে মাজত বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছিল।
পিছে দুয়োৰে এংগেজমেণ্টৰ খবৰে এই সকলো প্ৰশ্নবোধক চিহ্নক ইতি পেলাইছে। খবৰ অনুসৰি বিয়াৰ প্ৰথমটো বন্ধন আঙঠি পিন্ধোৱা বান্ধোনত বান্ধ খাইছে দুয়ো।
এক সুকীয়া ষ্টাইলত দুডাল ৰছীৰ সহায়েৰে উলমি থকা অৱস্থাত নন্দিতাক বিয়াৰ প্ৰস্তাব দিয়ে অভিনেতা গৰাকীয়ে। যাৰ প্ৰত্যুত্তৰত সন্মতি প্ৰকাশ কৰে ডিজাইনাৰ গৰাকীয়ে।
আৰু পঢ়িব পাৰেঃ অক্ষয় কুমাৰলৈ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ পত্ৰ
Next Story