Begin typing your search above and press return to search.

অক্ষয় কুমাৰলৈ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ পত্ৰ

অভিনেতা অক্ষয় কুমাৰে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লিখিত এখনি বিশেষ পত্ৰ ।

অক্ষয় কুমাৰলৈ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ পত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Sep 2021 8:44 AM GMT

যোৱা সপ্তাহত স্বৰ্গগামী হয় অভিনেতা অক্ষয় কুমাৰৰ মাতৃ। ইয়াৰ পাছতে ইনষ্টাগ্রাম যোগে নিজৰ দুখ ব্যক্ত কৰে অভিনেতা গৰাকীয়ে। তেওঁৰ মাতৃৰ শেষ কৃতত ৰূপালী জগতৰ বিভিন্ন জন আহি উপস্থিত হয়, মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ।

ইয়াৰে লগতে ভাৰতৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ পত্ৰ যোগে নিজৰ দুখ ব্যক্ত কৰাৰ লগতে, সাহসী হৈ, সাহসেৰে এই সময়ত থিয় দিবলৈ অনুপ্ৰেৰণা যোগায় অভিনেতা গৰাকীক। তেওঁ লিখে যে, যেতিয়া অভিনেতা জনে লিখিছিল যে তেওঁৰ মাতৃ তেওঁৰ সাহস আছিল, আৰু আজি তেওঁ অবিহনে তেওঁ বৰ অকলশৰীয়া অনুভৱ কৰিছে, মন্ত্ৰী গৰাকীয়ে তেওঁৰ দুখ অনুভৱ কৰিব পাৰিছিল।

আগলৈ তেওঁ লিখে যে, বহুত সংঘৰ্ষৰ পাছত তুমি জীৱনৰ লক্ষ্যত উপনীত হৈছা। জীৱনৰ প্ৰতি ক্ষণতে তুমি সদায় শুদ্ধ পথত আছা আৰু এইয়া সম্ভৱ হৈছে নিজৰ অভিভাৱকৰ পৰা তুমি পোৱা সেই আদৰ্শখিনি।

তেওঁ কয় যে, জীয়াই থকা অৱস্থাত তুমি লাভ কৰিবলৈ সক্ষম হোৱা উন্নতিৰ সমভাগি হোৱাৰ সুযোগ লাভ কৰিলে তোমাৰ মাতৃয়ে। আৰু তুমি যিদৰে তেওঁৰ শুশ্ৰূষা কৰিছিলা সেইয়া অনুপ্ৰেৰণাদায়ক। অভিনেতা জনক তেওঁ কয় যে তেওঁ এই কথা ভাবি সুখী হোৱা উচিত যে বিয়োগৰ আগত তেওঁৰ মাতৃয়ে এই কথাৰ লগত অৱগত আছিল যে তেওঁৰ সন্তান ভাৰতৰ এজন জনপ্ৰিয় অভিনেতা।

আৰু পঢ়িব পাৰেঃ মালদ্বীপত জেট স্কিয়িং কৰিলে চাৰা আলী খানে

Next Story
চাকৰি