Begin typing your search above and press return to search.

সুশান্ত সিং ৰাজপুত অভিনীত "চিছৰে" লৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ

"চিছৰে" ছবিখনে ২০১৯ৰ ০৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি পায়।

সুশান্ত সিং ৰাজপুত অভিনীত চিছৰে লৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ

Assamese SentinelBy : Assamese Sentinel

  |  25 Oct 2021 11:58 AM GMT



প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত অভিনীত জনপ্ৰিয় ছবি "চিছৰে"ক ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত সৰ্বশ্ৰেষ্ঠ হিন্দী ছবি ৰূপে সন্মানিত কৰা হয়। ছবিখনৰ নিৰ্মাতা নিতেশ তিৱাৰীয়ে এই সন্মান প্ৰয়াত অভিনেতা গৰাকী লৈ উৎসৰ্গা কৰি কয় যে, "সুশান্তে আমাক গৰ্বিত অনুভৱ কৰাইছে"।

অনুষ্ঠানটোত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে নিজৰ মনৰ ভাব ব্যক্ত কৰি লগতে কয় , "সুশান্ত সিং ৰাজপুত ছবিখনৰ এটি অ-পৃথক অংশ। তেওঁক লৈ আমি অতিকৈ গৌৰম্বিত আৰু এই বিশেষ সন্মান মই তেওঁলৈ উৎসৰ্গা কৰিছোঁ"।

এই বছৰৰ মাৰ্চ মাহত ৰাষ্ট্ৰীয় বঁটা অনুসৰি জাননী মুকলি হোৱাৰ পাছতেই, চলচ্চিত্ৰ প্ৰযোজক চাজিদ নাদিয়াৱালাই নিজৰ ইনষ্টাগ্ৰামত লিখিছিল, "এন. জি. ই. ৰ তৰফৰ পৰা মই এই বিশেষ সন্মান মই উৎসৰ্গা কৰিছোঁ, জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত লৈ। তেওঁক হেৰুওৱাৰ দুখ আমি পাহৰিব নোৱাৰোঁ, কিন্তু আশা কৰোঁ এই সন্মানে তেওঁৰ পৰিয়ালবৰ্গ আৰু মোৰ লগতে তেওঁৰ বাকী অনুৰাগীসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব। মই চলচ্চিত্ৰ নীতেশ তিৱাৰি আমাক এনেকুৱা এখন ছবিৰে আমোদ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ"।

২০১৯চনত প্ৰয়াত অভিনেতাগৰাকীয়ে "চিছৰে" সম্বন্ধত নিজৰ ভাৱ ব্যক্ত কৰি কয় যে, "দিল্লী অভিযান্ত্ৰিক বিশ্ববিদ্যালয়ত মোৰ বহুতো স্মৃতি আছে, সেইসমূহ মই পুনৰ এবাৰ জীয়াব বিচাৰোঁ"।

"চিছৰে" ছবিখনে ২০১৯ৰ ০৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি পায়। ছবিখনত সুশান্তৰ উপৰি দেখিবলৈ পোৱা গৈছিল শ্ৰদ্ধা কাপুৰ, প্ৰতীক বাব্বৰ, তাহিৰ ভাচিন, তুষাৰ পাণ্ডে, সিদ্ধাৰ্থ নাৰায়ন আৰু বহুতো। ছবিখনে ১০০কোটি টকাৰ বিজনেছ কৰিছিল আৰু এইখনেই আছিল সুশান্তৰ জীৱনৰ আটাইতকৈ হিট ছবি।


আৰু পঢ়িব পাৰেঃ ৰাষ্ট্ৰীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানত পদখালী

Next Story
চাকৰি