Begin typing your search above and press return to search.

চাফ- চিকুণতাৰ প্ৰতি অতি সক্ৰিয় অভিনেতা অজয় দেৱ্গান

"দা ৱাইল্ড"ত অতি শীঘ্ৰেই বিয়েৰ গ্ৰিল্লছ সহ দেখিবলৈ পোৱা যাব জনপ্ৰিয় বলিউড অভিনেতা অজয় দেৱ্গানক।

চাফ- চিকুণতাৰ প্ৰতি অতি সক্ৰিয় অভিনেতা অজয় দেৱ্গান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Oct 2021 9:18 AM GMT

ডিস্ক'ভাৰী চেনেলৰ প্ৰসিদ্ধ শ্ব' "দা ৱাইল্ড"ত শীঘ্ৰেই বীয়েৰ গ্ৰাইল্লছৰ সৈতে দেখিবলৈ পোৱা যাব বলিউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱ্গানক। এই খবৰ লৈ অতি উৎসাহিত হৈ পৰিছে অভিনেতাগৰাকীৰ পত্নী তথা অভিনেত্ৰী কাজল। এই সম্পৰ্কত এটি কথোপকথন যোগে অভিনেত্ৰীগৰাকীয়ে ব্যক্তি কৰে অজয়ৰ বিষয়ে কিছু গোপন কথা, আৰু লগতে স্বামীক "সবাতোকৈ দুৰ্গুন্ধ, অদ্ভুত আৰু পিচলিয়া খাদ্য খুৱাবলৈ প্ৰত্যাহ্বান জনায়" শ্ব'টোৰ আঁত ধৰোতা গ্ৰাইল্লছক ।

শ্ব' টোৰ চিত্ৰগ্ৰহণৰ বাবে বৰ্তমান অভিনেতা গৰাকী উপস্থিত হৈছেগৈ মালদ্বীপত। অভিনেত্ৰী গৰাকীয়ে নিজৰ স্বামী অজয়ৰ বিষয়ে ব্যক্ত কৰি কয় যে, "সৰ্বপ্ৰথমে অজয় এজন খুবেই ভাল ৰান্ধনী, আৰু দ্বিতীয়তে চাফ - চিকুণতাৰ প্ৰতি অতি সক্ৰিয় অভিনেতাগৰাকী। তেওঁ নিজৰ আঙুলিৰে যিকোনো বস্তু চুবলৈ সংকোচ কৰে, কাৰণ আঙুলিৰ পৰা গোন্ধ আঁতৰোৱাটো অতিকৈ কঠিন"।

অভিনেতা অজয় দেৱ্গানৰ এই নতুন যাত্ৰাৰ বাবে তেওঁক উৎসাহ জনাইছে অভিনেতা অনিল কাপুৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰোহিত চেত্তীয়ে। ৰোহিতে অজয়ক এটি "ব্লকবাষ্টাৰ স্তাণ্ট" প্ৰদৰ্শন কৰিবলৈ আবেদন জনাই, আৰু অভিনেতা অনিল কাপুৰে তেওঁক মালদ্বীপত গৈ কোনো ধৰণৰ "গোলমাল" নকৰিবলৈ পৰামৰ্শ দিয়ে।

সম্প্ৰতি অভিনেত্ৰী কাজলে ৰাছিয়াৰ মস্কোত কিছু মূল্যবান সময় পাৰ কৰিছে পুত্ৰ, য়োগ আৰু ননদ নীলম গান্ধী আৰু তেওঁৰ দুই পুত্ৰৰ সৈতে।

আৰু চাব পাৰেঃ নামৰূপ মহাবিদ্যালয়ত অধ্যক্ষৰ পদ খালী

Next Story